গুৱাহাটী: ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পৰ অধীনত ৰেড শ্বিল্ড ডিভিজনৰ জয়পুৰ বেটেলিয়নে অভিযান চলাই শনিবাৰে চৰাইদেউ জিলাৰ সোণাৰিত আলফা স্বাধীনৰ এজন কেডাৰক আটক কৰে।

প্ৰাপ্ত তথ্য মতে, গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত শনিবাৰে নিৰাপত্তা বাহিনীৰ দলটোৱে সোণাৰি আৰক্ষীৰ সহযোগত টৌককত অভিযান চলাই আলফা কেডাৰজনক আটক কৰিবলৈ সক্ষম হয়।

কেডাৰজনৰ পৰা তিনি জাঁই সক্ৰিয় গুলী আৰু এটা মেগাজিনসহ এটা ৭.৬৫ এম এম পিষ্টল জব্দ কৰে। পিছত ধৃত কেডাৰজনক পৰৱৰ্তী তদন্তৰ বাবে আৰক্ষীক গতাই দিয়ে।

লগতে পঢ়ক – টীয়কত সোপাধৰাৰ সন্দেহত ফেৰীৱালাক হাৰাশাস্তিৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,570 other subscribers

Leave a comment

Leave a Reply Cancel reply