নাজিৰা : শিৱসাগৰ জিলাৰ নাজিৰাত আজি তেল আৰু প্ৰাকৃতিক গেছ নিগম (ONGC)-ৰ পাইপলাইন ফুটি কেইবা বিঘা কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হয়।
নাজিৰা আৰক্ষী থানাৰ অন্তৰ্গত মেছাগড়ৰ সমীপৰ বৰপথাৰত এই ঘটনা সংঘটিত হোৱা বুলি নাজিৰা মহকুমা বিষয়া সব্যসাচি কাশ্যপে জানিবলৈ দিয়ে।
তেওঁ কয়, ‘পাইপলাইনৰ পৰা তেল নিৰ্গত হৈ প্ৰায় ২০ বিঘা কৃষিভূমি বিনষ্ট হয়।’ বৃস্পতিবাৰে বৰপথাৰৰ স্থানীয় ৰাইজে পাইপলাইনৰ পৰা তেল নিৰ্গত হৈ থকা প্ৰত্যক্ষ কৰি শুকুৰবাৰে প্ৰশাসনক অৱগত কৰে বুলি উল্লেখ কৰি তেওঁ কয়, ‘কালি লৈকে তেল বেছি নিৰ্গত হোৱা নাছিল যদিও আজি অধিক অঞ্চললৈ বিয়পি পৰে।’
ঘটনাৰ খবৰ পোৱাৰ পিছতে ONGC-ৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হোৱা বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক : অসম-মিজোৰামৰ সীমা সমস্যা পৰ্য্যলোচনাৰ বাবে মিজোৰাম চৰকাৰৰ আয়োগ গঠন