নিউজ ডেস্ক: ৰাজ্যৰ ৩০০০তকৈ অধিক বিদ্যালয়ত ল’ৰাৰ বাবে উপযুক্ত শৌচাগাৰৰ সুবিধা নাই, আনহাতে ১৬০০তকৈ অধিক বিদ্যালয়ত ছাত্ৰীৰ বাবে উপযুক্ত শৌচাগাৰৰ ব্যৱস্থা নাই। বৃহস্পতিবাৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে অসম বিধানসভাত এই কথা প্ৰকাশ কৰে।
ৰাজ্যত এতিয়াও ২,৯০০ খন বিদ্যালয় এজনীয়া শিক্ষকে চলাই আছে বুলি সদৰী কৰি তেওঁ লগতে জনাই যে ১,১০০ খনতকৈ অধিক বিদ্যালয়ত খোৱা পানীৰ ব্যৱস্থা নথকাৰ বিপৰীতে ১,০০০ তকৈ অধিক বিদ্যালয়ত বিদ্যুতৰ সংযোগ নাই।
কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৰা এক প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰীজনে কয় যে ল’ৰাৰ বাবে উপযুক্ত শৌচাগাৰৰ সুবিধা নোহোৱা ৩,১১৭ খন বিদ্যালয়ৰ ভিতৰত ২,৭৪৭ খন প্ৰাথমিক পৰ্যায়ৰ আৰু ৩৭০ খন মাধ্যমিক পৰ্যায়ৰ।
আনহাতে ছাত্ৰীৰ বাবে শৌচাগাৰৰ সুবিধা নথকা ১,৬৯৩ খন বিদ্যালয়ৰ ভিতৰত ১,৫৮২ খন প্ৰাথমিক স্তৰৰ আৰু ১১১ খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়। তেওঁ লগতে জনাই যে ১,১২৪ খন বিদ্যালয়ত খোৱাপানীৰ ব্যৱস্থা নাই, ইয়াৰে ১,০৬৬ খন প্ৰাথমিক পৰ্যায়ৰ আৰু ৫৮ খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়।
লগতে পঢ়ক – গল্পকাৰ তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা