হোজাই : হোজাইত প্ৰসাদত বিষক্ৰিয়া হৈ ২০০ জনতকৈ অধিক লোক অসুস্থ হৈ পৰিছে। প্ৰাপ্ত তথ্য মতে বৃহস্পতিবাৰে এক ধৰ্মীয় অনুষ্ঠানত প্ৰসাদ খোৱাৰ পিছত এই লোকসকল অসুস্থ হৈ পৰে।

অসুস্থ সকলক হোজাই আৰু নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

হোজাইৰ এগৰাকী চিকিৎসা বিষয়াই জনোৱা মতে লংকাৰ ৭ নং ৱাৰ্ডত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত প্ৰসাদ খোৱাৰ পিছত মহিলা আৰু শিশুকে ধৰি ২০০ গৰাকীতকৈ অধিক লোক অসুস্থ হৈ পৰিছিল।

লোকসকলৰ জ্বৰৰ লগতে বমি অহাৰ ফলত একাংশক উন্নত চিকিৎসাৰ বাবে হোজাই আৰু নগাঁৱত থকা ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

অৱশ্যে কোনো লোকৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটা নাই বুলি জানিবলৈ দি বৰ্তমান তেওঁলোকক চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক : পুনৰ গো সুৰক্ষা আইনকলৈ সৰৱ শিৱসাগৰৰ বিধায়ক অখিল গগৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply