নিউজ ডেস্ক : কাৰ্বি পাহাৰত কংগ্ৰেছৰ গৰাখহনীয়া অব্যাহত আছে৷ কিছুদিন পূৰ্বে কেইবা শতাধিক কংগ্ৰেছ সমৰ্থকে বিজেপিত যোগদান কৰাৰ পিছত শুকুৰবাৰে পুনৰ বিজেপিত যোগদান কৰি দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে।
কাৰ্বি আংলঙৰ ফুলনিত কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙৰ উপস্থিতিত প্ৰায় ২৬৫ জন কংগ্ৰেছ, এ পি এইছ এল চি আৰু এ এছ ডি চিৰ সমৰ্থকে বিজেপিত যোগদান কৰে৷
এই উপলক্ষে আয়োজিত যোগদান সমাৰোহত ডিফুৰ সাংসদ হৰেন সিং বে, বিধায়কত্ৰয় দৰসিং ৰংহাং, বিদ্যাসিং ইংলে, ৰূপসিং টেৰণ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংতি, জিলা বিজিপিৰ সভাপতি ধনসিং টেৰণসহ কেইবা গৰাকী বিজেপি নেতা উপস্থিত থাকে।
লগতে পঢ়ক : আদানী গোষ্ঠীৰ হাতত গতাই দিয়া হ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ