বৰহাট: চহা গাঁৱলীয়ালৈ আশাৰ বতৰা লৈ আকৌ আহিল আঘোণ। জিৰজিৰ মলয়া বতাহত এতিয়া আঘোণৰ পথাৰত নাচিছে সোণোৱালী সোণগুটিয়ে। গাঁৱে ভুঞে এতিয়া দাৱনীসকল সাজু হৈছে সোণালী ৰঙেৰে ৰঙীন হৈ পৰা পথাৰৰ লখিমীক ঘৰলৈ আদৰাৰ বাবে।

ৰদ,বৰষুণ, ধুমুহাকো নেওচি শাওনৰ পথাৰত বোকা-পানী খচকি কৰা পৰিশ্ৰমৰ ফল আজি সোণগুটি হৈ জিলিকিছে পথাৰত। পকা ধানৰ মাজে মাজে সৰু সৰু আলিত শুই পৰিছে জহা,বৰা, সুৱাগমণিৰ ধানে।

সোণাৰিৰ সমীপৰ লংপতিয়াৰ এখন পথাৰত দেখা গল তেনে এক দৃশ্য। দাৱনীসকলে লাৱনি হাতেৰে কাঁচিৰে কাটি গৈছে সোণগুটি। কাঁচিৰ খচ খচ শব্দত উদোল দোল হৈ পৰিছে সোণগুটি।

দাৱনীসকলৰ হাঁহি-খিকিন্দালী, বিহু গীতে মুখৰিত হৈ পৰিছে আঘোণৰ বিস্তীৰ্ণ পথাৰ। পকা ধানৰ পাতেৰে হাত কাটি ৰাঙলী হলেও তালৈ কেৰেপে নকৰে দাৱনীসকলে।

আঘোণৰ পথাৰত ৰৱাব টেঙা খোৱাৰ আমেজে সুকীয়া দাৱনীসকলে দুপৰীয়া কলপাতত নিমখ-জলকীয়াৰে ৰবাব টেঙাৰ জুতি লোৱা এক পৰম্পৰা লগতে মুখত গুণগুণাই থকা বিহুনামে তেওঁলোকক পাহৰাই দিয়ে দুখ-কষ্ট কথা।

শিশুহঁতৰো আহৰি নাই এতিয়া। ঘৰৰ ডাঙৰ সকলৰ দৰে সিহঁতো নৰাৰ পেঁপাটি বজাই পথাৰে পথাৰে ঘূৰি ফুৰাত ব্যস্ত। ডেকাসকলে বাৰীৰ কুমলীয়া বাঁহ কাটি আনি তঙাল তোলাই ডাঙৰি বান্ধি লখিমী আনিছে ঘৰলৈ।

লগতে পঢ়ক – লখিমপুৰ মেডিকেল কলেজত পুনৰ চিকিৎসাৰ অভাৱত ৰোগীৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply