গুৱাহাটী : এগৰাকী নাবালিকাক ধৰ্ষণ চলোৱাৰ গোচৰত অভিযুক্ত পদ্মশ্ৰী উদ্ধৱ ভৰালীৰ অন্তৰ্ৱতীকালিন জামিন ১৮ জানুৱাৰীলৈ বৃদ্ধি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটোৰ প্ৰথমটো শুনানি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অহা ১৮ জানুৱাৰীতহে শুনানি গ্ৰহণ কৰা হ’ব।
উল্লেখযোগ্য যে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত পদ্মশ্ৰী পুৰস্কাৰপ্ৰাপ্ত অসমৰ বিশিষ্ট উদ্ভাৱক তথা অভিযন্তা উদ্ধৱ ভৰালীৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ আৰক্ষী থানাত POCSO আইনৰ অধীনত এক গোচৰ গোচৰ ৰুজু কৰা হৈছিল।
অভিযোগ অনুসৰি পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে তেওঁ তুলি লোৱা এগৰাকী ছোৱালীক ‘বাৰম্বাৰ’ যৌন নিৰ্য্যাতন চলাই আহিছিল।
ভুক্তভোগীৰ এজাহাৰৰ পিছতে অভিযুক্ত উদ্ধৱ ভৰালীয়ে অন্তৱৰ্তীকালীন জামিন বিচাৰি বিগত বৰ্ষৰ ২৮ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। উক্ত আৱেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীয়ে ভৰালীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।
আনহাতে, ভৰালীয়ে উক্ত অভিযোগ অস্বীকাৰ কৰাৰ লগতে এইয়া তেওঁক ‘সামাজিকভাৱে হত্যা‘ কৰাৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰে।
তেওঁ কয়, ” সামাজিক ভাৱে মোক মৃত্যু ঘটাই হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে।মই হেৰাই যাম বুলি ভাবিছিলো যদিও মই এতিয়া যুঁজিম। জয়ী হৈ অসম এৰি গুচি যাম। মই বহু তলৰ পৰা আহি আজি এই স্থান পাইছো। মই ভাৰতবাসীৰ বাবে আৰু কৰিবলৈ বহু বাকী আছে।”
লগতে পঢ়ক – ইথানল যুক্ত পেট্ৰ’ল-ডিজেল বিক্ৰী নকৰাৰ সিদ্ধান্ত নৰ্থ ইষ্ট পেট্ৰ’লিয়াম এছ’চিয়েচনৰ