নিউজ ডেস্ক : পদ্মশ্ৰী পুৰস্কাৰপ্ৰাপ্ত অসমৰ বিশিষ্ট উদ্ভাৱক তথা অভিযন্তা উদ্ধৱ ভৰালীৰ বিৰুদ্ধে ৰুজু হৈছে ধৰ্ষণৰ গোচৰ। ভৰালীৰ বিৰুদ্ধে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছে।
অভিযোগ সম্পৰ্কত জিলা আইন সেৱা প্ৰাধিকাৰী বিচিত্ৰা দত্তই লখিমপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত আৱেদন দাখিল কৰিছিল। ইয়াৰ পিছতে দণ্ডাধীশে দিয়া অভিযোগৰ ভিত্তিত লখিমপুৰ আৰক্ষীয়ে ভৰালীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰে।
অভিযোগ অনুসৰি পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে তেওঁ তুলি লোৱা এগৰাকী ছোৱালীক ‘বাৰম্বাৰ’ যৌন নিৰ্য্যাতন চলাই আহিছিল।
”লখিমপুৰৰ শিশু সুৰক্ষা সমিতিয়ে আমাক এই সম্পৰ্কে যোগাযোগ কৰিছিল, তেওঁলোকে জনোৱা মতে কাউন্সেলিঙৰ সময়ত ভুক্তভোগী ছোৱালী গৰাকীয়ে পদ্মশ্ৰী উদ্ধৱ ভৰালীয়ে অভিভাৱক হিচাপে দায়িত্ব লৈ থকা সময়খিনিত তাইক বাৰম্বাৰ যৌন নিৰ্য্যাতন চলাইছিল বুলি কৈছিল,” জিলা আইন সেৱা প্ৰাধিকাৰী বিচিত্ৰা দত্তই কয়।
তেওঁ লগতে কয়, ”আমি ভুক্তভোগীৰ স্বাস্থ্য পৰীক্ষা আৰু ভুক্তভোগী তথা আন একাংশ ব্যক্তিৰ ভাষ্য গ্ৰহণ কৰাত বিষয়টো সন্দৰ্ভত আগবাঢ়িবলৈ কেতবোৰ স্পষ্ট প্ৰমাণ লাভ কৰোঁ। গোটেই বিষয়টো সম্পৰ্কত মই লখিমপুৰৰ মুখ্য দণ্ডাধীশৰ ওচৰত এখন আৱেদন দাখিল কৰোঁ। তেওঁ তদন্তৰ বাবে বিষয়টো উত্তৰ-লখিমপুৰ আৰক্ষী থানালৈ প্ৰেৰণ কৰে আৰু আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 354/376(i)/376(j)/376(k) ধাৰা আৰু POCSO আইনৰ ধাৰা ৬ৰ অধীনত ভৰালীৰ বিৰুদ্ধে ১৩৩২/২০২১ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰে।”

প্ৰাপ্ত তথ্য মতে ভুক্তভোগীৰ এজাহাৰৰ পিছতে অভিযুক্ত উদ্ধৱ ভৰালীয়ে অন্তৱৰ্তীকালীন জামিন বিচাৰি বিগত বৰ্ষৰ ২৮ ডিচেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল। উক্ত আৱেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ দেৱ চৌধুৰীয়ে ভৰালীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।
তদন্ত চলি থকা বাবে আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত আছে। অহা ৭ জানুৱাৰীত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।
লগতে পঢ়ক – মহানগৰীৰ জি এছ ৰ’ডৰ ব্যৱয়াসীক প্ৰতিষ্ঠানত মৃতদেহ উদ্ধাৰ