নিউজ ডেস্ক: ৰাজ্যৰ পঞ্চায়ত প্ৰতিনিধিসকলে এতিয়াৰে পৰা প্ৰতি মাহৰ দহ তাৰিখে তেওঁলোকৰ পাৰিতোষিক লাভ কৰিব৷ আজি দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত এই সিদ্ধান্তত অনুমোদন জনোৱা হৈছে৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত থকা পঞ্চায়ত প্ৰতিনিধিসকলৰ ভিতৰত গাঁও পঞ্চায়ত সদস্যৰ পৰা জিলা পৰিষদৰ সদস্যলৈ দুহেজাৰ টকাৰ পৰা দহ হেজাৰ টকা পৰ্যন্ত পাৰিতোষিক লাভ কৰে যদিও সেয়া অনিয়মীয়া হৈ আছিল৷ আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি পঞ্চায়ত প্ৰতিনিধিসকলে প্ৰতি মাহৰ দহ তাৰিখে পাৰিতোষিক লাভ কৰিব৷
উল্লেখযোগ্য যে ৰাজ্যত ৪,৭৮৪ গৰাকী পঞ্চায়ত প্ৰতিনিধি আছে আৰু ইয়াৰে ৫০ শতাংশই মহিলা প্ৰতিনিধি৷ আৰক্ষী আৰু ৰাইজৰ মাজত সম্পৰ্ক অধিক গাঢ় কৰিবলৈ আগতে থকা নাগিৰক কমিটীৰ গঠন প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে সংশোধন কৰিছে৷ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি নাগৰিক কমিটীৰ অধ্যক্ষজনক চৰকাৰে নিযুক্ত কৰিব৷
তেওঁ প্ৰতিমাহে এখনকৈ সভা অনুষ্ঠিত কৰিব লাগিব৷ অধ্যক্ষজনে চৰকাৰৰ পৰা পাৰিতোষিকো লাভ কৰিব৷ নাগৰিক কমিটীত থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী হ’ব সদস্য সচিব৷ ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সভাপতিজন সদস্য হিচাপে থাকিব৷
তদুপৰি নাগৰিক কমিটীত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে তিনিজনকৈ সদস্য মনোনীত কৰিব৷ আজি কেবিনেটৰ সিদ্ধান্ত সদৰী কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেলত কয় যে অসম অসামৰিক সেৱাৰ ছিনিয়ৰ গ্ৰেড-১ ৰ ৭২টা পদ অস্থায়ীভাৱে সৃষ্টি কৰি গ্ৰেড -২ বিষয়াক পদোন্নতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
ইয়াৰ ফলত ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা অধিক সক্ৰিয় হ’ব৷ এই পদোন্নতিত ১৯৯৫ চনৰ পৰা ২০০৪ বৰ্ষৰ বিষয়াসকল অন্তৰ্ভুক্ত হ’ব৷ ইফালে ৰাজ্যৰ বিত্ত বিভাগে পৌৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিন ধৰি অনাদায় হৈ থকা দৰমহা আজি মুকলি কৰি দিছে ৷
পৌৰ কৰ্মীসকলৰ দৰমহা তথা মজুৰিৰ বাবত আজি বিত্ত বিভাগে গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ অধীনস্থ পৌৰ প্ৰশাসন সঞ্চালকালয়লৈ আজি ৯৮.৬৯১২ কোটি টকা মোকলাই দিয়ে৷ উল্লেখযোগ্য যে বিভিন্ন কাৰণত বিগত কিছুকাল ধৰি দৰমহা অনাদায় হৈ থকাৰ বাবে ৰাজ্যৰ পৌৰ কৰ্মীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল৷
লগতে পঢ়ক – ৰাজ্যৰ প্ৰতিখন থানাৰ নাগৰিক সমিতিসমূহ পুনৰগঠনৰ সিদ্ধান্ত কেবিনেটৰ