কমাৰগাঁও (গোলাঘাট): গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কমাৰগাঁৱৰ ন-পমুৱাত আজি আবেলি এটা দুষ্প্ৰাপ্য জহামাল উদ্ধাৰ হয়।
উল্লেখ্য যে ন-পমুৱা গাঁৱৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক দীপক গগৈয়ে আবেলি সময়ত দুষ্প্ৰাপ্য প্ৰজাতিৰ বনৰীয়া এটি জন্তু আঘাটপ্ৰাপ্ত হৈ থকা প্ৰত্যক্ষ কৰি সাহসেৰে ধৰিবলৈ সক্ষম হয়। শিক্ষকজনে বনৰীয়া জন্তুটো ধৰা সন্দৰ্ভত স্থানীয় এগৰাকী সংবাদকৰ্মীক অৱগত কৰে।
ঘটনাস্থলীত স্থানীয় সংবাদকৰ্মী উপস্থিত হৈ বন বিভাগক খবৰ দিয়াত নুমলীগড় খণ্ড বন বিষয়া প্ৰাঞ্জল বৰা ঘটনাস্থলীলৈ আহি বিৰল প্ৰজাতিৰ বনৰীয়া জন্তু বিধ জহামাল বুলি চিনাক্ত কৰাৰ লগতে স্থানীয় ৰাইজে জহামালটো বনবিভাগৰ হাতত গটাই দিয়ে।
ইফালে আঘাতপ্ৰাপ্ত জহামালটোক বন বিভাগে বোকাখাতৰ পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ, সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। আনহাতে নুমলীগড় খণ্ড বন বিষয়া প্ৰাঞ্জল বৰাই দুষ্প্ৰাপ্য জন্তুটোক ধৰি বন বিভাগক গতাই দিয়াৰ বাবে ন-পমুৱাবাসীক ভুয়সী প্ৰশংসা কৰিছে।
লগতে পঢ়ক – পিতৃ-মাতৃ হ’ল প্ৰিয়ংকা-নিক জোনাছ