নিউজ ডেস্ক : ২০১৭ আৰু ২০১৫ চনৰ পৰা বন্ধ হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ কোৱাৰ্টাৰত থকা কৰ্মচাৰী আৱাসীসকললৈ ঘৰ খালী কৰাৰ জাননী প্ৰেৰণ কৰা হৈছে।
শুকুৰবাৰে হিন্দুষ্টান পেপাৰ কৰ্পৰেশ্যনৰ অধীনত থকা কাগজ কল দুটাৰ আৱাসীসকলক লিকুইডেটৰ কুলদ্বীপ বাৰ্মায়ে এক জাননী যোগে ১৫ দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ দিয়ে।
প্ৰাপ্ত তথ্য মতে লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই NCLT কৰ্তৃপক্ষক দাখিল কৰিছে এই নিৰ্দেশনামা।
নিৰ্দেশ অমান্য কৰা আৱাসীৰ ক্ষেত্ৰত আইনী ব্যৱস্থা লোৱা হ’ব বুলি সাৱধান কৰি দিছে বাৰ্মাই।
উল্লেখযোগ্য যে যোৱা জুন মাহত হিন্দুষ্টান পেপাৰ কৰ্পৰেশ্যনৰ লিকুইডেটৰে কাগজ কল দুটাৰ নিলামৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল।
যোৱা মাহৰ আৰম্ভণিত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰাৰ অন্তত সাংবাদিকৰ আগত নগাঁও আৰু কাচাৰ কাগজ কল পুনৰুজ্জীৱিত কৰা সম্ভৱ নহয় বুলি উল্লেখ কৰিছিল।
লগতে পঢ়ক : ৰাজ্যত বান সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে, এইপৰ্য্যন্ত ৫জন লোকৰ মৃত্যু