নিউজ ডেস্ক: পুনৰ চিকিৎসাৰ অভাৱত কাগজ কলৰ দুজনকৈ কৰ্মচাৰীয়ে মৃত্যুক সাবটি ল’ব লগীয়া হৈছে। তেওঁলোকৰ সৈতে এতিয়ালৈকে বন্ধ হৈ পৰা কাগজ কল দুটাত মৃত্যু হোৱা কৰ্মচাৰীৰ সংখ্যা ১০৫ জনলৈ বৃদ্ধি পাইছে।
সোমবাৰে হৃদ ৰোগত আক্ৰান্ত হৈ মৰিগাঁও জিলাৰ জাগীৰোডৰ দেওশাল গাঁৱৰ কলিমান বসুমতাৰী নামৰ ৫৭ বছৰীয়া কৰ্মচাৰী গৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। নগাঁও কাগজ কলৰ কৰ্মচাৰী বসুমতাৰী হৃদযন্ত্ৰৰ ৰোগত ভুগি আছিল যদিও অৰ্থৰ অভাৱত তেওঁ চিকিৎসা কৰাব পৰা নাছিল।
বসুমতাৰীৰ মৃত্যু সম্পৰ্কত হিন্দুস্তান পেপাৰ কৰ্পোৰেচন ইউনিয়নৰ যুটীয়া কাৰ্যবাহী সমিতিৰ সভাপতি মানবেন্দ্ৰ চক্ৰবৰ্তীয়ে কয়, ‘’বসুমতাৰীয়ে হৃদযন্ত্ৰৰ গুৰুতৰ ৰোগত ভুগি আছিল, কিন্তু ৬৪ মাহ ধৰি দৰমহা নোপোৱাৰ ফলত বিত্তীয় সংকটৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱত তেওঁৰ মৃত্যু হয়।‘’
উল্লেখযোগ্য যে বসুমতাৰীৰ মৃত্যুৰ মাত্ৰ এদিন পূৰ্বে কৰিমগঞ্জ জিলাৰ বদৰপুৰ ঘাটত কাচাৰ কাগজ কলৰ আন এজন কৰ্মচাৰী হিজফুৰ ৰহমানৰ (৫৪) মৃত্যুৰ বাতৰি আহিছিল। দেওবাৰে শিলচৰৰ এখন নাৰ্ছিং হোমত ৰহমানে মৃত্যুক আঁকোৱালি লয়।
উল্লেখযোগ্য যে হাইলাকান্দি জিলাৰ পঞ্চগ্ৰামত থকা কাচাৰ কাগজ কল ২০১৫ চনৰ পৰা বন্ধ হৈ থকাৰ বিপৰীতে নগাঁও কাগজ কল ২০১৭ চনৰ পৰা বন্ধ হৈ আছে।
লগতে পঢ়ক – আৰ্থিক দৈন্যতাক নেওচি উজ্জ্বলিল টীয়কৰ কাৱৈমাৰীৰ শিখা