নিউজ ডেস্ক : প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক, যোৱা ডেৰ বছৰে ক’ভিড মহামাৰীয়ে বিশ্বৰ প্ৰায় প্ৰতিজন লোককে প্ৰভাৱিত কৰিছে। মহামাৰীৰ ফলত প্ৰতিটো খণ্ডই ক্ষতিগ্ৰস্থ হৈছে। ক’ভিড মহামাৰীৰ দ্বাৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হোৱা এক ক্ষেত্ৰ হৈছে নাট্যজগতখন। অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰাণকেন্দ্ৰস্বৰূপ ‘নাট্যনগৰী’ পাঠশালাও ইয়াৰ ব্যতিক্ৰম নহয়।
ক’ভিড মহামাৰী আৰু লকডাউনে নাট্য শিল্পৰ প্ৰতি চৰম প্ৰত্যাহ্বান লৈ অনাৰ লগতে ইয়াৰ সৈতে জড়িত শিল্পী তথা কলা-কুশলীসকলৰ জীৱনলৈ অনিশ্চয়তা নমাই আনিছে।
পাঠশালাৰ এগৰাকী ছাত্ৰী তথা থিয়েটাৰ অনুৰাগী মৌচুমী দায়ে কয়, ‘এতিয়াৰ দৰে আগতে আমি কেতিয়াও ইমান লোকচানৰ সন্মুখীন হোৱা নাই। আগতে প্ৰায় সদায়ে নাট্য পৰিৱেশন, আখৰা আদি চলিছিল, কিন্তু এতিয়া চব স্থবিৰ হৈ পৰিল।’
একেদৰে নাট্য চৰ্চাৰ সৈতে জড়িত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী সাধাৰণ সম্পাদিকা বৰ্ষা শৰ্মাই কয়, ‘ক’ভিডে আমাৰ গোটেই কলাজগতখনকে গ্ৰাস কৰি পেলালে। পাঠশালাত আমাৰ ‘Assam Mime and Skit Theatre’ নামৰ এক নাট্য গোষ্ঠী আছে, আমি যথেষ্ট ঠাইত নাট্য প্ৰদৰ্শন কৰিছো। কিন্তু মহামাৰীৰ যোৱা দুটা বছৰে আমি কোনো কাম কৰিব পৰা নাই। ইয়াৰ উপৰি যোৱা দুবছৰ ধৰি চৰকাৰে CCRT স্কলাৰ্শ্বিপ প্ৰদানৰ ক্ষেত্ৰটো কোনো গুৰুত্ব দিয়া নাই।’
লগতে পঢ়ক : পেগাছাচ বিতৰ্ক: চৰকাৰৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগ; চিকাৰ সাংবাদিক, ৰাজনৈতিক ব্যক্তি
কহিনুৰ থিয়েটাৰৰ জন্মদাতা তথা অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ-পুৰুষ ৰতন লহকৰৰ পুত্ৰ তপন লহকৰে ইষ্টম’জ’ৰ আগত কয়, ‘আমি গভীৰ আৰ্থিক সংকটৰ লগতে অস্তিত্বৰ সংকটত ভুগিছো। মোৰ পিতৃয়ে গঢ় দি যোৱা এই পৰম্পৰাক ধৰি ৰাখি মই নাট্য শিল্পক জীয়াই ৰাখিবলৈ পাৰ্য্যমানে চেষ্টা চলাইছো। কিন্তু এই মহামাৰীয়ে আমাক একেবাৰে জুৰুলা কৰি পেলাইছে। মালিকসকল বহু ক্ষতি সন্মুখীন হোৱাৰ লগতে মানসিকভাৱে ভাগি পৰিছে।’
ভ্ৰাম্যমান থিয়েটাৰৰ ভৱিষ্যৎ সম্পৰ্কে প্ৰশ্ন কৰাত তেওঁ কয়, ‘এতিয়া যি পৰিস্থিতি হৈছে তাক লৈ গোটেই উদ্যোগটোৱেই খুব শংকিত হৈ পৰিছে। পৰিস্থিতিয়ে যদি দিয়ে আমি এতিয়াও অন্ততঃ কেইটামান হ’লেও প্ৰদৰ্শনী পাতিব খোঁজো। মহামাৰীৰ ফলত আমি ইতিমধ্যে বহুকেইজন বিশিষ্ট শিল্পীক হেৰুৱালো, আৰু হেৰুৱাব নোৱাৰো। পৰিতাপৰ কথা যে চলিব নোৱাৰি বহু শিল্পীয়ে নিজৰ বৃত্তি সলনি কৰিব লগীয়া হৈছে।’
‘ভ্ৰাম্যমান থিয়েটাৰৰ যোৱা ৫০ বছৰীয়া ইতিহাসত আমি এই মহামাৰীৰ নিচিনা ইমান ডাঙৰ বিপদ পোৱা নাই। এই এক কঠিন সময়, কিন্তু ভাল দিন আহিব। মোৰ পিতৃ ৰতন লহকৰে ক’বৰ দৰে, ‘যেতিয়ালৈকে অসমীয়া জাতি জীয়াই আছে, ভ্ৰাম্যমান কেতিয়াও ইয়াৰ পৰিচয়ৰ পৰা আঁতৰি নাহে,’’ তেওঁ কয়।
ইংৰাজীত পঢ়ক : Assam: Pathsala’s great mobile theatre culture on last legs due to COVID-19