কমাৰগাঁও, চন্দন বৰা: কাৰ্গিল যুদ্ধত দেশৰ হৈ যুঁজি শ্বহীদ হোৱা কেপ্টেইন জিন্টু গগৈৰ ২৩ সংখ্যক মৃত্যু দিৱস আজি খুমটাই স্থানীয় জাচিংফা লেখিকা সমাৰোহ সমিতি আৰু পৰিয়াললোকে পালন কৰে।
গোলাঘাট জিলাৰ খুমটাইস্থিত শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত পুৱা মাতৃ দুলুপ্ৰভা গগৈয়ে পুত্ৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে বীৰ পুত্ৰক স্মৰণ কৰে ।
ইয়াৰ পাছতেই কেপ্টেইন গগৈৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়া ঠগিৰাম গগৈয়ে পুত্ৰৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰে । ইফালে আজি পুত্ৰৰ স্মৃতি দিৱসত প্ৰশাসনৰ পৰা ন্যূনতম সহাঁৰি নাপাই আক্ষেপ প্ৰকাশ কৰি উচুপি উঠে শ্বহীদ গৰাকীৰ মাতৃ দুলুপ্ৰভা গগৈ।
ইপিনে শ্বহীদ গৰাকীৰ মৃত্যুৰ ২৩টা বছৰ পাৰ কৰা পিছতো আজিলৈকে চৰকাৰৰ দ্বাৰা স্মৃতি দিৱস অথবা কাৰ্গিল বিজয় দিৱস আয়োজন কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাত খুমটাইবাসীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে।
শ্বহীদ জিন্টু গগৈৰ স্মৃতি দিৱস উপলক্ষে স্থানীয় মহিলাসকলে আজি গগৈৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে।
লগতে পঢ়ক – একনাথ সিন্দে মহাৰাষ্ট্ৰৰ নতুন মুখ্য মন্ত্ৰী