নিউজ ডেস্ক : আছাম পেট্ৰকেমিকেলছ লিমিটেডৰ ১০ টা পদত নিযুক্তি ওলাইছে। উক্ত পদ সমূহ হৈছে পাব্লিক ৰিলেশ্যন অ’ফিচাৰ (পি আৰ অ’), আপাৰ অফিচ এছিচটেণ্ট, টাইপিষ্ট-কাম-ক্লাৰ্ক, টাইপিষ্ট আৰু জুনিয়ৰ ড্ৰাইভাৰ।

অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে। আৱেদনৰ অন্তিম তাৰিখ ১৯ জুলাই।

খালী হৈ থকা পদসমূহ :

পাব্লিক ৰিলেশ্যন অ’ফিচাৰ (পি আৰ অ’)

১ টা পদ

বয়সৰ সীমা : ৪০ বছৰ

দৰমহা : পে’ বেণ্ড ৩০,০০০ৰ পৰা ১,১০,০০০ টকা, গ্ৰে’ড পে’ ১৩,৩০০ টকা

শিক্ষাগত অৰ্হতা : মাছ কমিউনিকেশ্যনত স্নাতকোত্তৰ। এম এছ অফিচ আৰু ডি টি পি জনাসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

আপাৰ অফিচ এছিচটেণ্ট :

১ টা পদ

বয়সৰ সীমা : ৪৩ বছৰ

দৰমহা : পে’ বেণ্ড ২২,০০০ৰ পৰা ৯৭,০০০ টকা, গ্ৰে’ড পে’ ৯,৭০০ টকা

শিক্ষাগত অৰ্হতা : যিকোনো বিষয়ত স্নাতক। কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্লমা। বি চি এ বা পি জি ডি চি এ কৰা সকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

টাইপিষ্ট কাম ক্লাৰ্ক

৩ টা পদ

বয়সৰ সীমা : ৪৩ বছৰ

দৰমহা : পে’ বেণ্ড ১৪,০০০ৰ পৰা ৬০,৫০০ টকা, গ্ৰে’ড পে’ ৮,৭০০ টকা

শিক্ষাগত অৰ্হতা : যিকোনো বিষয়ত স্নাতক। কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্লমা বা চাৰ্টিফিকেট। বি চি এ বা পি জি ডি চি এ কৰা সকলক অগ্ৰাধিকাৰ দিয়া হ’ব।

টাইপিষ্ট

২ টা পদ

বয়সৰ সীমা : ৪৩ বছৰ

দৰমহা : পে’ বেণ্ড ১৪,০০০ৰ পৰা ৬০,৫০০ টকা, গ্ৰে’ড পে’ ৮,০০০ টকা

শিক্ষাগত অৰ্হতা : উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ। কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্লমা।

জুনিয়ৰ ড্ৰাইভাৰ

৩ টা পদ

বয়সৰ সীমা : ৪৩ বছৰ

দৰমহা : পে’ বেণ্ড ১৪,০০০ৰ পৰা ৬০,৫০০ টকা, গ্ৰে’ড পে’ ৬,৪০০ টকা

শিক্ষাগত অৰ্হতা : মেট্ৰিকত অনুত্তীৰ্ণ, ড্ৰাইভিং লাইচেঞ্চ থকাটো বাধ্যতামূলক।

আটাইকেইটা পদতে প্ৰাৰ্থী অভিজ্ঞাতা সম্পন্ন হোৱাটো বাধ্যতামূলক। তদুপৰি প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

বিতং তথ্য বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।

অনলাইন আৱেদন কৰিবলৈ ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৰ বিৰুদ্ধে এজাহাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply