বোকাখাত, উত্তম কুমাৰ শৰ্মা: অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধন জাতীয় সামগ্ৰীৰ আকাশলংঘী মুল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰা সময়তে বোকাখাতত এটা তেল ডিপুৱে গ্ৰাহকক লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

দীৰ্ঘদিনৰ পৰাই বোকাখাতৰ HP তেল ডিপুৱে সাধাৰণ ৰাইজক লুন্ঠন চলাই অহাৰ অভিযোগ আছিল যদিও শেহতীয়াকৈ মঙলবাৰে তেল ডিপুটোৰ লুন্ঠনৰ তথ্য পোহৰলৈ আহে।

ঘটনা অনুসৰি মঙলবাৰে গোলাঘাটৰ মৰঙী অঞ্চলৰ এজন যুৱকে নতুনকৈ ক্ৰয় কৰা এখন হোণ্ডাই ক্ৰেটা গাড়ীত তেল ভৰাবলৈ সোমাইছিল বোকাখাতৰ HPৰ অনুজ্ঞাপ্ৰাপ্ত বালাজী এনাৰ্জী ষ্টেচন নামৰ তেল ডিপুটোত।

লক্ষণীয়ভাৱে গাড়ীখনৰ তেলৰ টেংকীৰ বহন ক্ষমতাতকৈ অধিক পৰিমাণৰ পেট্ৰল ভৰোৱা দেখুৱাই যুৱকজনৰ পৰা সমুদায় ধন দাবী কৰে তেল ডিপুৰ কৰ্মচাৰীয়ে।

ইফালে বহন ক্ষমতাকৈ অধিক পেট্ৰ’ল গাড়ীখনত ভৰোৱাটো কেনেকৈ সম্ভৱ হ’ল এই লৈ গাড়ীৰ গৰাকী আৰু তেল ডিপুটোৰ মালিক পক্ষৰ লগত বাক-বিতণ্ডাৰ সৃষ্টি হয়।

জানিব পৰা মতে হোণ্ডা কোম্পানীৰ মাৰ্জিন অনুসৰি উক্ত ক্ৰেটা গাড়ীৰ ৰ্সবাধিক পেট্ৰলৰ বহন ক্ষমতা ৫০ ৰ পৰা ৫৫ লিটাৰহে। কিন্তু আশ্বৰ্য্যজনকভাৱে HP পেট্ৰ’ল ডিপুৱে গাড়ীখনত তেল ভৰালে ৭৩ লিটাৰ।

ইফালে পেট্ৰ’ল ডিপুৰ এই সমগ্ৰ লুন্ঠনৰ ঘটনা সম্পৰ্কে স্থানীয় সাংবাদিকক অৱগত কৰে যুৱকজনে। ইয়াৰ পিছতে তেল ডিপুটোত স্থানীয় সাংবাদিক উপস্থিত হৈ তেল ডিপুটোত দীৰ্ঘদিনে চলি অহা লুন্ঠনৰ তথ্য উদঙাই দি ঘটনাটোৰ উচিত তদন্ত বিচাৰি মহকুমা দণ্ডাধীশ, আৰক্ষী আৰু অসামৰিক যোগান বিভাগক অবগত কৰে ।

লগে লগে ঘটনাস্থলীত মহকুমা প্ৰশাসনৰ কইবাজনো বিষয়া উপস্থিত হোৱাৰ লগতে তেল ডিপুটোত সংঘটিত দুষ্কাৰ্যৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে।

লগতে তেল হৰলুকী ঘটনাৰ তদন্ত কৰিবলৈ হিন্দুস্তান পেট্ৰ’লিয়াম বিভাগৰ কৰ্তিপক্ষৰ উপস্থিত হয় আৰু তেলৰ মাপ নিৰীক্ষণ কৰি ডিপুটোৰ জালিয়াতি ধৰা পেলায়।

ইতিমধ্যে বোকাখাতৰ মহকুমা দণ্ডাধীশৰ উপস্থিতিত ৭ দিনৰ বাবে ডিপুটোৰ পেট্ৰল বিক্ৰী বন্ধ কৰি দিয়াৰ লগতে উক্ত তেলডিপু মালিকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ।

লগতে পঢ়ক – লখিমপুৰ জিলাৰ ভীমপৰাৰ গৰৈমাৰীত বসন্ত আদৰণি উৎসৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply