নিউজ ডেস্কঃ ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। ক’ভিডৰ সংক্ৰমণ বাবে দৰং জিলাত অনিৰ্দিষ্ট সময়লৈ বন্ধ কৰিলে বনভোজস্থলী।
বিশেষকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যান,চেৰেং চাপৰি,লক্ষিমপুৰ পুখুৰী, কাপোৰ পুৰি মন্দিৰ, গা ধোৱা চাপৰি, নাৰীকলি, খটৰা, কুৰুৱাকে ধৰি মুঠ আঠটা বনভোজ স্থলী বন্ধ কৰি দিয়ে দৰং জিলা প্ৰশাসনে।দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই এক নিৰ্দেশনাৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। পৰৱৰ্তী ঘোষণা নিদিয়া পৰ্যন্ত বলৱৎ থাকিব এই নিৰ্দেশনা।
বিশ্বনাথ জিলা প্ৰশাসনেও জিলাখনত বন্ধ কৰিলে বনভোজ স্থলীসমূহ।কালিৰ দিনটোত ১০৩ জন লোক জিলাখনত ক’ভিডত আক্ৰান্ত হৈছিল।
উল্লেখ্য যে, অসমত পুনৰ ৮৩৩৯জনৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ।
ইয়াৰে ১৯২৯জন কামৰূপ মেট্ৰ’ৰ, ৫১৩জন ডিব্ৰুগড়ৰ, ৪১৪জন যোৰহাটৰ আৰু ৩৯৬জন কাচাৰৰ।
লগতে পঢ়কঃপুনৰ কাজিৰঙাত গঁড় হত্যা
ৰাজ্যত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৫১৬১জন ৰোগী।
ইফালে, বুধবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৫জন লোকৰ মৃত্যু হয়।
আনহাতে, উক্ত দিনটোত অসমত সুস্থ হয় ২৭২৩জন লোক। বৰ্তমান সময়ত ৰাজ্যত পজিটিভিটী হাৰ ১২.৮৯ শতাংশ।