নিউজ ডেস্কঃ অসমৰ খেলুৱৈয়ে কঢ়িয়াই আনিছে ৰাজ্যখনলৈ গৌৰৱ। মহাৰাষ্ট্ৰত ১৩ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ অনুষ্ঠিত দশম ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ পেঞ্চাক চিলাট প্ৰতিযোগিতা ২০২২-২৩ত অসমৰ খেলুৱৈ সকলে ৫৯টা পদক অৰ্জন কৰিছে।
ভাৰতৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ১৪০০ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত পদক অৰ্জন কৰিছে অসমৰ খেলুৱৈসকল। পদক অৰ্জন কৰা খেলুৱৈসকল ক্ৰমে- ধেমাজিৰ ঔঞ্চ চেত্ৰী, নাৰায়ণ বিশ্বকৰ্মা, জয়ন্ত দাস, ঔম প্ৰকাশ শৰ্মা, মোহন কলিতা, কৰণ শইকীয়া আৰু মীলিনা ৰাণাই সোণৰ পদক, মহম্মদ ছাজিদ আৰু অৰ্পিতা নেওগে ৰূপৰ পদক, কেশৱ চেত্ৰী, ৰহণ পুড়ী, মাৰটা ৰামচিয়াৰী, আশীষ গগৈ, হেপ্পী দেৱনাথ, নিখিল ৰাজবংশী আৰু গটেৰ কাৰ্লয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।
ইফালে, গোগামুখৰ ক্ৰমে দ্বীপ পাতিৰ, জুপিতৰা টায়ুঙ, ৰীজু পায়েঙ, ৰোৱাদ পেগু, লক্ষীনাথ চুংক্ৰাং আৰু কৃষ্ণাণনন দলেয়ে সোনৰ পদক, অতুল দলে, কিশোৰ টাইদ আৰু মনো পাংগিঙে ব্ৰঞ্জৰ পদক লাভ কৰিছে। মাজুলী জিলাৰ মাণিক পেগু ৰূপ আৰু সন্তুষ পেগুৰ ব্ৰঞ্জৰ পদক, চিৰাং জিলাৰ আতিকুৰ আলিয়ে ৰূপ আৰু উৰ্ব্বশী বড়োৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।
আনহাতে, প্ৰি-টিন শাখাত পৰিস্মিতা নাথে ৰেগুত সোণ, ট্যুংগুলত ব্ৰঞ্জ, প্ৰি-জুনিয়ৰ শাখাত ৰশ্মীতা নাথে টেণ্ডীঙত আৰু ৰেগুত সোণ, জাচিঙফা গগৈয়ে ৰেগুত সোণ, ট্যুংগলত ৰূপ, টেণ্ডিঙত ৰূপ, প্ৰি-জুনিয়ৰ ল’ৰাৰ ৰেগু শাখাত কিৰণ দাস, জুন শইকীয়া, মানৱজ্যোতি গগৈয়ে ৰূপ, জুনিয়ৰ শাখাত মনিকা বড়োৱে টেণ্ডিঙত সোণ অৰ্জন কৰিছে।
তদুপৰি, গোৱালপৰা জিলাৰ আগানবিলৰা চাংমাই সোণ আৰু সাগৰীকা ৰাভাই ব্ৰঞ্জৰ পদক, ওদালগুৰি জিলাৰ জেনিথ্ ৰাভাই ব্ৰঞ্জৰ পদক, বিশ্বনাথ জিলাৰ কৰণ চিন্নাৰে ব্ৰঞ্জৰ পদক, গোলাঘাট জিলাৰ ক্ৰমে শিৰোমনী গগৈ ট্যুংগুলত সোণ,টেণ্ডীঙত ৰূপ, কৃষ্ণা গগৈ টুগুলত সোণ, টেণ্ডীঙত ব্ৰঞ্জ, ৰমানন্দ খাখলাৰী ট্যুংগুলত সোণ, টেণ্ডীঙত ৰূপ, অংকিতা লিম্বুই টেণ্ডীঙত ৰূপ, টুঙগলত ব্ৰঞ্জ, পাহি বড়োৱে টেণ্ডীঙত ৰূপ, হৃতম কৌশীকে টেণ্ডীঙত ব্ৰঞ্জ, সমিৰ বড়োৱে টেণ্ডীঙত সোণ অৰ্জন কৰিছে।
লগতে জুবিন গোঁহাইয়ে ৰূপ, অনন্যা শইকীয়াই ব্ৰঞ্জ অৰ্জন কৰিছে। ছোৱালীৰ দলীয় ৰেগু শাখাত ৰিম্মী গগৈ, অনন্যা শইকীয়া আৰু আশামনী মুচাহাৰীয়ে ব্ৰঞ্জৰ পদক জয় কৰিছে।