সোণাৰি: চৰাইদেউৰ জিলাৰ ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি’ৰ হিতাধিকাৰীসকলক অহা ২০ জুলাইৰ ভিতৰত ই – কে ৱাই চি (E -KYC) সম্পন্ন কৰিবলৈ কোৱা হৈছে।
বৃহস্পতিবাৰে জিলা কৃষি বিষয়া ৰবীন য়েইনে এক জাননী যোগে উক্ত আঁচনিৰ দ্বাৰা উপকৃত সকলো জিলাখনৰ সকলো কৃষকক অহা ১ আগষ্টৰ পৰা তেওঁলোকৰ পৰবৰ্তী কিস্তি লাভ কৰাৰ বাবে নিকটৱৰ্তী গ্ৰাহক সেৱা কেন্দ্ৰত নিজৰ E -KYC অহা ২০ জুলাইৰ ভিতৰত সম্পন্ন কৰিবলৈ আহ্বান জনায়।
উল্লেখ্য যে, E -KYC কৰিবৰ বাবে গ্ৰাহক সেৱা কেন্দ্ৰলৈ যাওঁতে কৃষকসকলে বেংক পাছবুকৰ সৈতে আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযোজিত হৈ থকা ফোন নম্বৰ ব্যৱহৃত মোবাইল ফোন লগত লৈ যাবলৈ উক্ত জাননীত কোনা হয়। অন্যথা, হিতাধিকাৰীসকলে পৰৱৰ্তী কিস্তি লাভ কৰাত বিলম্ব হ’ব।
লগতে পঢ়ক – নুমলীগড়ৰ জাহাজঘাটক অচিৰেই ব্যৱসায়িক বন্দৰলৈ উন্নীত কৰা হ’ব: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল