কমাৰগাঁও : যোৱা আঢ়ৈ বছৰে আৰক্ষী বিষয়াক আক্ৰমণ কৰা এজন কুখ্যাত গঁড় চিকাৰীৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী। আৰক্ষীৰ এই ব্যৰ্থতাক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখযোগ্য যে ২০১৯ চনৰ ১ অক্টোবৰত বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত লখৌজানত গোলাঘাট জিলাৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছাৰৰ নেতৃত্বত কমাৰগাঁও আৰক্ষীৰ এটা দলে চোৰাং চিকাৰীৰ বিৰুদ্ধে এক অভিযান চলাইছিল।

উক্ত অভিযানত আৰক্ষীৰ দলটোৱে কুখ্যাত গঁড চিকাৰী ৰঞ্জিত ভূমিজৰ সৈতে এটা তিনিজনীয়া দলৰ পৰা এটা ৩০৩ ৰাইফল উদ্ধাৰ কৰে যদিও চোৰাং চিকাৰী দলটোৱে চোকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিছিল।

চোৰাং চিকাৰীৰ আক্ৰমণত কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিত গগৈ গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈছিল যাৰ ফলত তেওঁ চিৰদিনৰ বাবে ঘূণীয়া হ’ব লগীয়া হয়।

ঘটনাৰ পাছদিনাই কমাৰগাঁও আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত সহ উপ-পৰিদৰ্শক জীয়াউল ইছলামৰ নেতৃত্বত আৰক্ষী এটা দলে গঁড় চিকাৰী দলটেৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আজি আঢ়ৈ বছৰে দলটোৰ মূল নায়ক ৰঞ্জিত ভূমিজৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

গোলাঘাট জিলাৰ খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত খুমটাই কৰুণাটিং অঞ্চলৰ দুৰ্ধৰ্ষ গঁড় চিকাৰী তথা চোৰাং অস্ত্ৰ সৰবৰাহকাৰী ৰঞ্জিত ভূমিজ পূৰ্বতেও কেইবাটাও অপৰাধমূলক ঘটনাৰ সৈতে জড়িত হোৱাৰ উপৰিও কাৰ্বি উগ্ৰপন্থী সংগঠন কে পি এলটিৰ যোগাযোগকাৰী হিচাপে অস্ত্ৰ সৰবৰাহৰ লগত জড়িত হৈ কাৰ্বি আংলং আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল।

ইয়াৰ উপৰি কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰিয়া বৰপথাৰ অঞ্চলৰ দত্ত উপাধিৰ একালৰ দুৰ্ধৰ্ষ গঁড় চিকাৰী এজনৰ সহযোগী আছিল ভূমিজ। আৰক্ষী হাতত গ্ৰেপ্তাৰ হোৱা দত্তৰ খবৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে ২০১৯ চনৰ ১ অক্টোবৰত লখৌজানত উক্ত অভিযান চলাইছিল। কিন্তু সাধাৰণ পোছাকত যোৱা আৰক্ষীৰ এই অভিযানৰ কথা কিদৰে আগতীয়াকৈ কুখ্যাত গঁড় চিকাৰী দলটোৱে জানিব পাৰিছিল সেয়া এতিয়াও এক ৰসহ্যৰ বিষয় হৈ আছে।

উল্লেখযোগ্য যে গঁড় চিকাৰীৰ আক্ৰমণৰ বলি হৈ চিৰদিনৰ বাবে নিজৰ বাওঁ হাতখন ঘূণীয়া হোৱা আৰক্ষী বিষয়া গগৈ বৰ্তমান সময়ত দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আইন প্ৰশিক্ষক হিচাপে কৰ্মৰত হৈ আছে।

চোৰাং গঁড় চিকাৰ ৰোধ আৰু চোৰাংচিকাৰী বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কাজিৰঙাত এজন উপ-আৰক্ষী অধীক্ষক আৰু এজন অতিৰিক্ত আৰক্ষী অধীক্ষকক দায়িত্ব অৰ্পন কৰে যদিও আৰক্ষীয়ে আঢ়ৈটা বছৰে ভূমিজৰ শুংসূত্ৰ উলিয়াব নোৱাৰটো অসম আৰক্ষীৰ বাবে এক লজ্জাজনক বিষয় হৈ পৰিছে বুলি দল-সংগঠনৰ লগতে বিভিন্নজনে মতপোষন কৰিছে।

লগতে পঢ়ক – মুখ্যমন্ত্ৰী মামাৰ নিমন্ত্ৰণ ৰক্ষা গুৱাহাটীলৈ অহা মাজুলীৰ কনমানী ভকত বৈষ্ণব উভতিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,130 other subscribers

Leave a comment

Leave a Reply Cancel reply