নিউজ ডেস্ক: বহাগ বিহুৰ প্ৰাকক্ষণত অহা ১১ এপ্ৰিলত বিশিষ্ট কবি নীলমণি ফুকনক প্ৰদান কৰা হ’ব জ্ঞানপীঠ বঁটা।

উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে এইবাৰ সাহিত্যৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান জ্ঞানপীঠ বঁটা অসমত প্ৰদান কৰা হ’ব। অহা ১১ এপ্ৰিলত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱণত স্বনামধন্য কবি গৰাকীক এই বঁটা প্ৰদান কৰা হ’ব।

নীলমণি ফুকনৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক গুৱাহাটীতে বঁটা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে অসমৰ জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ দুগৰাকী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টচাৰ্য আৰু মামণি ৰয়ছম গোস্বামীয়ে দিল্লীত বঁটা গ্ৰহণ কৰিছিল।

কবি নীলমণি ফুকনৰ হৈ তেওঁৰ পুত্ৰ অমিতাভ ফুকনে বঁটা প্ৰদান অনুষ্ঠানত ভাষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। ১১ এপ্ৰিলৰ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথিৰূপে উপস্থিত থাকিব।

লগতে পঢ়ক – নাকচ হ’ল ইমৰান খানৰ বিৰুদ্ধে থকা অনাস্থা প্ৰস্তাৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply