গুৱাহাটী : মাস্ক পৰিধান নকৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। মাস্ক নিপিন্ধাকৈ ৰাজপথলৈ ওলাই অহা ব্যক্তিক জৰিমনা বিহিছে আৰক্ষীয়ে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত মাস্ক পৰিধান নকৰা ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান।
উভতি আহিছে কভিড মহামাৰী। কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে দেশত। দেশৰ কেইবাখনো ৰাজ্যত কভিডৰ দ্বিতীয়টো ঢৌৱে তাণ্ডৱ চলাই থকা পৰিলক্ষিত হৈছে। কভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে সোমবাৰৰ পৰা লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
আৰু পঢ়কঃ যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৬৩৯ গৰাকী লোক ক’ভিডত আক্ৰান্ত; ৬ জনৰ মৃত্যু
অসমত বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও কভিড সংক্ৰমণ ৰোধৰ বাবে কঠোৰ হৈছে চৰকাৰ। অসমত বহিঃৰাজ্যৰ পৰা অহা বহু লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰাত চৰকাৰে ৰাজ্যবাসীক কভিড প্ৰ’টকল মানি চলিবলৈ আহ্বান জনাইছে।
অসমত ১০০ ৰ ওপৰত কভিড ৰোগী থকা জিলা সমূহত ইতিমধ্যে চৰকাৰে পঞ্চম শ্ৰেণীলৈ বিদ্যালয় বন্ধ কৰাৰ লগতে বহু ঠাইত বিহুৰ অনুষ্ঠানত বাতিল কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ মাজতে চৰকাৰে প্ৰতিজন ব্যক্তিক মাস্ক পৰিধান কৰি ঘৰৰ পৰা ওলাই আহিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
আৰু পঢ়কঃ ক’ভিড-১৯ৰ যুঁজত অৱতীৰ্ণ হোৱা স্বাস্থ্যকৰ্মীৰ ৫০ লাখ টকাৰ বীমা বন্ধ কৰিলে কেন্দ্ৰই
মাস্ক পৰিধান কৰাকলৈ ইতিমধ্যে আৰক্ষী আৰু প্ৰশাসনে মাইকযোগে ৰাইজক আহ্বান জনোৱাৰ পিছত সোমবাৰৰ পৰা মাস্ক পৰিধানৰ ক্ষেত্ৰত কঠোৰ হোৱা পৰিলক্ষিত হয় আৰক্ষী। ৰাজ্যৰ প্ৰতিখন জিলাত আৰক্ষীয়ে মাস্ক পৰিধান নকৰা ব্যক্তিৰ বিৰুদ্ধে অভিযান চলাই থকা দেখিবলৈ পোৱা যায়।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত পুৱাৰ ভাগৰে পৰা আৰক্ষীয়ে মাস্ক পৰিধান নকৰাকৈ ৰাজপথৰলৈ ওলাই অহা ব্যক্তিক জৰমিনা বিহা দেখিবলৈ পোৱা যায়। গণেশগুৰি, দিছপুৰ, ফাঁচি বজাৰ, পল্টন বজাৰত আৰক্ষীয়ে মাস্ক পৰিধান নকৰা ব্যক্তিক মাস্ক পৰিধান কৰাৰ বাবে অনুৰোধ জনোৱাও পৰিলক্ষিত হয়।