শুকুৰবাৰে ডিগবৈ টিংৰাই বজাৰত সংঘটিত গ্ৰেণেড বিস্ফোৰণত জড়িত থকা দুৰ্বৃত্তৰ সন্ধান দিওঁতালৈ দুই লাখ টকাৰ নগদ পুৰস্কাৰৰ কথা ঘোষণা কৰিছে অসমত আৰক্ষীয়ে।

শনিবাৰে তিনিচুকীয়া আৰক্ষীয়ে উক্ত ঘটনাত জড়িত বুলি সন্দেহ কৰা দুজন বাইক আৰোহীৰ এখন ফটো প্ৰকাশ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা ফটো

কোনো লোকে যদি দুৰ্বৃত্ত দুজনৰ তথ্য আগবঢ়াব বিচাৰে তেন্তে ৮৬৩৮০১৮৯৬৫ নম্বৰত ফোন অথবা হোৱাটচ-আপ কৰিব পাৰিব বুলি আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে।

দুৰ্বৃত্তৰ তথ্য আগবঢ়োৱা লোকৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰখা হ’ব বুলিও আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ টিংৰাই বজাৰত সংঘটিত গ্ৰেণেড বিস্ফোৰণত দুজন লোকে প্ৰাণ হেৰোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হৈছিল।

লগতে পঢ়ক : ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য অসম চৰকাৰৰ

উক্ত ঘটনাৰ সৈতে আলফা (স্বাধীন) জড়িত বুলি সন্দেহ কৰা হৈছিল যদিও সংগঠনটো এই কাণ্ডৰ সৈতে জড়িত নহয় বুলি স্পষ্ট কৰি দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply