গড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। বছৰৰ প্ৰথমটো মাহতে কাজিৰঙাত এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত কাজিৰঙাৰ সুৰক্ষাৰ বাবে কামান্ডো বাহিনীক নিয়োগ কৰিছে।
অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে আজি ছ’চিয়েল মিডিয়া যোগে তিনিটাকৈ গঁড়ৰ চোৰাংচিকাৰীক ধৰিব পৰাকৈ উপযুক্ত তথ্য দিব পৰাজনক প্ৰতিজনৰ বাবদ ২ লাখকৈ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
গঁড়ৰ চোৰাং চিকাৰত জড়িত এই চোৰাং চিকাৰী তিনিটা পলাতক অপৰাধী বুলি কোৱা হৈছে। যাক কৰায়ত্ব কৰিবলৈ বিচাৰি থকাৰ কথা উল্লেখ কৰিছে।
বিচাৰি থকা চোৰাং চিকাৰী কেইটা হ’ল আছমত আলি ওৰফে নালকো ৩৫ বছৰ
পিতা- মহম্মদ আজিবোৰ ৰহমান,গাঁও- মিলনপুৰ ( ১নং আদাভেটি), থানা- চতিয়া,
জিলা- বিশ্বনাথ, অসম।
আতাউৰ ৰহমান ওৰফে বাচা, ৩৫ বছৰ, পিতা-মহম্মদ ইফাৰ আলি, গাঁও- ১ নং আদাভেটি,থানা- চতিয়া। তৃতীয়জন হ’ল আব্দুল মটিন ওৰফে কালা, বয়স-৩৬ বছৰ,
পিতা- মহম্মদ ইছমাইল আলি
গাঁও-১ নং আদাভেটি,
থানা- চতিয়া, জিলা- বিশ্বনাথ।
আনহাতে গঁড়ৰ খৰ্গ উদ্ধাৰ হ’ব পৰাকৈ কোনোৱে তথ্য দিলে নগদ ৫ লাখ টকাৰ বিশেষ পুৰস্কাৰ দিয়াৰ কথাও বিবৃতিত কোৱা হৈছে।

লগতে পঢ়ক- প্ৰথম অসমীয়া হিচাবে ইষ্টাৰ্ণ কমাণ্ডৰ GOC in Chief ৰ দায়িত্ব গ্ৰহন ৰানা প্ৰতাপ কলিতাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply