কাৰ্বি আংলং : কাৰ্বি আংলং জিলাৰ নাহৰজানত অসম আৰক্ষী আৰু আসাম ৰাইফলছৰ এক যুটীয়া অভিযান চলোৱা হয়৷ উক্ত অভিযানত আৰক্ষীৰ চুত’লেঙৰী পেট্ৰল পষ্টৰ অন্তৰ্গত নাহৰজানত এখন নম্বৰ প্লেট বিহীন জিপ্ছী গাড়ীৰ সৈতে ৫ জন নাগা যুবকক আটক কৰা হয়।
আটকাধীন নাগা যুবক কেইজনৰ পৰা আৰক্ষীয়ে ৩ টা AK-56 ৰাইফল, ১ টা পিষ্টল,৩ টা মেগজিন, কেইবাজাই সক্ৰিয় গুলীসহ মবাইল ফ’ন জব্দ কৰে।
কিহৰ বাবে নাগা যুবক কেইজনে বুজন পৰিমানৰ অস্ত্ৰ শস্ত্ৰ লৈ কাৰ্বি আংলং জিলাৰ চুত’লেঙৰীৰ পহৰা চকীৰ অধীনৰ নাহৰজান এলেকাত ঘুৰি ফুৰিছিল সেই কথা এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই।
অধিক তথ্য উদ্ধাৰৰ বাবে ধৃত যুৱক কেইজনক বৰ্তমান ডিলাই আৰক্ষী থানাত জেৰা চলাই থকা হৈছে আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।
লগতে পঢ়ক : আৰ্চাৰি ৱৰ্ল্ড কাপ ফাইনেল: পদকৰ পৰা বঞ্চিত ভাৰত