মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ মালৌ গাঁৱত অবৈধ কয়লাখনিত ৩ জন শ্ৰমিকৰ মৃত্যুৰ পাছত তৎপৰ হৈ উঠিছে অসম আৰক্ষী-প্ৰশাসন।

আজি অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ পৰা উক্ত অবৈধ কয়লাখনিৰ গৰাকী ডেভিদ নগাৰ দুই সহযোগীক গ্ৰেপ্তাৰ কৰা হয়। অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰত আত্মগোপন কৰি থকা অৱস্থাত দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।

মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো, লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ ফুকন আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁ‌ৱৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই অবৈধ কয়লাখননৰ সৈতে জড়িত ছফিকুল ইছলাম আৰু হজৰত ওচমান গণিক আটক কৰে।

জানিব পৰা এই লোক দুজন অলপতে তিনিজন শ্ৰমিকৰ মৃত্যু ঘটা অবৈধ কয়লাখনিৰ গৰাকী আছিল। আনহাতে, ডেভিড নগা নামৰ আনজন কয়লা মাফিয়া এতিয়াও পলাতক অৱস্থাত আছে।

আনহাতে নিহত শ্ৰমিক তিনিজনৰ মৃতদেহ গাত খান্দি পুতি থোৱাত ব্যৱহ্যত দুখন জেচিবি আজি মালৌ পাহাৰৰ ঘন জংঘলত লুকাই থোৱাৰ পৰা উদ্ধাৰ কৰা হয়। জেচিবিৰ এজন ড্ৰাইভাৰোকো আৰক্ষীয়ে আটক কৰে। 

ঘটনাৰ সম্পৰ্কত কয়লা মাফিয়াসহ পূৰ্বে গ্ৰেপ্তাৰ কৰা মুঠ ৮ জনৰ লগতে আজি ৩জনক আটক কৰাত আটকাধীন লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পায়। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে বুলি মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰে আজি সংবাদমাধ্যমক জানিবলৈ দিয়ে। ইপিনে আৰক্ষীৰ অভিযানৰ মাজতে লিডু বৰগোলাই অঞ্চলৰ বহু কুখ্যাত কয়লা চোৰে আত্মগোপন কৰিছে বুলি সূত্ৰত প্ৰকাশ।

লগতে পঢ়ক – ফেক্ট-চেক: চাইকেল আৰোহীৰ ওপৰত জপিয়াই পৰিল নাহৰফুটুকী; উত্তৰাখণ্ডৰ বুলি দাবী কৰা এই ভিডিঅ’ প্ৰকৃততে অসমৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply