গোলাঘাট : গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা। এক অভিযান চলাই শনিবাৰে গোলাঘাট আৰক্ষীয়ে এটা বেংক প্ৰবঞ্চকৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত লোক কেইজনক চায়িদ আহমেদ লস্কৰ, নুৰ আহমেদ বৰভূঞা আৰু মতিবুৰ ৰহমান চৌধুৰী বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে দুজনক গুৱাহাটী আৰু এজনক হোজাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে গোলাঘাটৰ এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ বেংক একাউণ্টৰ পৰা ১৩ লাখ টকা হৰলুকী কৰিছিল প্ৰবঞ্চকৰ দলটোৱে। এটিএমত পইচা উলিওৱাৰ সময়ত কৌশলেৰে এটিএম কাৰ্ডৰ নম্বৰ সংগ্ৰহ কৰি দলটোৱে তেওঁৰ একাউন্টৰ পৰা অনলাইন যোগে ১৩ লাখ টকাৰ অনলাইন শ্বপিং কৰিছিল।
পিছত অধ্যক্ষ গৰাকীয়ে আৰক্ষী থানাত দিয়া গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত চলাই প্ৰৱঞ্চকৰ দলটোক গ্ৰেপ্তাৰ কৰিব সক্ষম হয় ।
ধৃত লোক কেইজনৰ ঘৰ হোজাই জিলাত বুলি আৰক্ষীয়ে জানিব দিয়ে। উক্ত দলটোৰ সৈতে বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ সম্পৰ্ক থকা বুলি জানিব দিছে গোলাঘাট আৰক্ষীয়ে।
দলটোৰ পৰা আৰক্ষীয়ে এখন ফ’ৰ্ড কোম্পানীৰ বিলাসী গাড়ী, বহু কেইটা মোবাইল ফোন, বেংক পাছবুক, লেপটপ, ৫৯ খন ডেবিট কাৰ্ড, ছিমকাৰ্ডৰ লগতে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰাৰ লগতে ৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
বৰ্তমান দলটোৰ ধৃত সদস্যকেইজনক অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে।
লগতে পঢ়ক : আৰ এন ৰবিক বিদায়; কোন হ’ব নাগা শান্তি আলোচনাৰ পৰৱৰ্তী মধ্যস্থতাকাৰী