শিলচৰ: ৰাজস্থানৰ উদয়পুৰত সংঘটিত কানহাইয়া লালৰ হত্যাকাণ্ডক সমৰ্থন কৰি সামাজিক মাধ্যমত ‘আপত্তিজনক’ মন্তব্য দিয়াৰ অভিযোগত বৃহস্পতিবাৰে অসম আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোকজনক চামছুল লস্কৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, বৃহস্পতিবাৰে হাইলাকান্দিৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি মিলন দাসে লস্কৰৰ বিৰুদ্ধে হাইলাকান্দি সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল।

আৰক্ষীক দিয়া এজাহাৰত দাসে কয় যে চামছুলে আবু চৌধুৰী নামৰ এজন ব্যক্তিৰ এটা পোষ্টত কানহাইয়া লালৰ হত্যাকাণ্ডক সমৰ্থন কৰি মন্তব্য দিছিল।

‘‘চামছুলে কৰা এই কাৰ্য্য উক্ত হত্যাকাণ্ডৰ আঁৰত থকা সন্ত্ৰাসবাদী সংগঠনটোক সমৰ্থন কৰাৰ সমতুল্য, ইয়াৰ ফলত সমগ্ৰ জিলাখনৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত হৈছে,’’ দাসে কয়। তেওঁ লগতে বিষয়টোক অতি গুৰুত্বসহকাৰে লৈ চামছুলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

উল্লেখযোগ্য যে চামছুল লস্কৰে তেওঁৰ ফে’চবুক প্ৰফাইলত নিজকে কাটলিচেৰাৰ এছ কে ৰয় মহাবিদ্যালয়ত কাম কৰা পৰিচয় দিয়া আছে।

চামছুলে কানহাইয়া লালৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আবু চৌধুৰী নামৰ এজন লোকে দিয়া এটা ফে’চবুক পোষ্টত বাংলাত, ‘‘হত্যা করেছে ভালোই করেছে – এত বড় এক অপরাধীকে কেনো সমর্থন করলো!’’ বুলি মন্তব্য কৰিছিল।

আবু চৌধুৰীয়ে নিজৰ পোষ্টটোত কানহাইয়া লালৰ হত্যাকাণ্ডক গৰিহণা দিয়াৰ লগতে হত্যাকাণ্ডৰ সৈতে জড়িত দোষীক মৃত্যুদণ্ডৰ দাবী জনাইছিল।

আনহাতে, এছ কে ৰয় মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা এক বিবৃতিত চামছুল মহাবিদ্যালয়খনৰ সৈতে বৰ্তমান বা পূৰ্বতে কেতিয়াও জড়িত জড়িত নাছিল বুলি উল্লেখ কৰি তেওঁৰ ফেচবুক প্ৰফাইলত মহাবিদ্যালখনত কাম কৰা বুলি দিয়া থকা সম্পূৰ্ণ মিছা বুলি কয়।

মিলন দাসে দিয়া এজাহাৰৰ ভিত্তিত চামছুলক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰ), ১৫৩ এ (ধৰ্ম, জাতি, জন্মস্থান, বাসস্থান, ভাষাৰ ভিত্তিত বিভিন্ন গোটৰ মাজত বিদ্বেষৰ বাতাবৰণ সৃষ্টি কৰা আৰু সামাজিক সম্প্ৰীতি বজাত ৰখাৰ ক্ষেত্ৰত ক্ষতিকাৰক কাৰ্য কৰা), ৫০৫ (১) (চি) (কোনো শ্ৰেণী বা সম্প্ৰদায়ক আন কোনো শ্ৰেণী বা সম্প্ৰদায়ৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰিবলৈ উচতনি দিয়াৰ উদ্দেশ্য বা উচতনি দিয়াৰ সম্ভাৱনা থকা বক্তব্য) আৰু ৫০৫ (২) (শ্ৰেণীৰ মাজত শত্ৰুতা, ঘৃণা বা বেয়া ভাৱ সৃষ্টি কৰা)-ৰ অধীনত আৰু বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭-ৰ ধাৰা ৩৯ (সন্ত্ৰাসবাদী সংগঠনক জনোৱাৰ সৈতে জড়িত অপৰাধ)-ৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হয়।

এই সন্দৰ্ভত হাইলাকান্দি আৰক্ষীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি ছামছুলক গ্ৰেপ্তাৰ কৰাৰ বাবে মিলন দাসে প্ৰশংসা কৰে। ধৃত ব্যক্তিজনৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে ইষ্টম’জ’ক জনোৱা মতে বৃহস্পতিবাৰে ছামছুলক আটক কৰা হয় আৰু পৰৱৰ্তী তদন্ত চলি আছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কানহাইয়া লালৰ হত্যাকাণ্ডৰ তদন্ত এন আই এক অৰ্পণ কৰিছে। ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধান এম এল লেথাৰে সংবাদ মাধ্যমৰ আগত কানহাইয়াৰ হত্যাকাণ্ডক এটা পৰিকল্পিত সন্ত্ৰাসবাদী কাৰ্য বুলি মন্তব্য কৰিছিল। 

বৃহস্পতিবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট কানহাইয়া লালৰ ঘৰত উপস্থিত হৈ তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ লগতে এখন ৫০ লাখ টকাৰ চেক প্ৰদান কৰে।

লগতে পঢ়ক – বোকাখাতৰ ৰজাবাৰীত পথ দুৰ্ঘটনা; এজন নিহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply