গুৱাহাটীঃ ৰাজ্যত বিগত কিছুদিন ধৰি উৎকোচ লৈ থকা অৱস্থাত কেইবাজনো চৰকাৰী কৰ্মচাৰী আৰক্ষীৰ জালত পৰিছে। বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাই তামুলপুৰ জিলাৰ উপ-পঞ্জীয়কৰ কাৰ্যালয়ত অভিযান চলাই আটক কৰিছে ঘোচ লৈ থকা অৱস্থাত আৰক্ষীয়ে হাতে লুটে আটক কৰে গোপীনাথ দাসক।

ইফালে বোকাখাটৰ আবকাৰী ইন্সপেক্টৰ লোহিত ফুকনক ঘোচ লৈ থকা অৱস্থাত আটক কৰে দুৰ্নীতি নিবাৰক শাখাই।

আনহাতে বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত পুনৰ দুৰ্নীতি নিবাৰক শাখাই চলালে অভিযান। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰক গ্ৰেপ্তাৰ কৰাৰ পাছতেই দুৰ্নীতি নিবাৰক শাখাই চীল কৰিছিল বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ কাৰ্যালয়। বুধবাৰে কাৰ্যালয়টোৰ চীল খুলি বজালী আৰক্ষীৰ লগতে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই পৰা জব্দ কৰিছে বিভিন্ন নথিপত্ৰ।

উল্লেখ্য যে, ৬ আগষ্টত উৎকোচ লৈ গ্রেপ্তাৰ হৈছিল বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰ। গুৱাহাটীৰ চানমাৰীত থকা নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ হৈছিল খাটনিয়াৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply