বৰহাটঃ অসম আৰক্ষীৰ বৃহৎ সাফল্য৷ আৰক্ষীৰ জালত এইবাৰ পৰিল কুখ্যাত অপহৰণকাৰী জাহেৰুল ইছলাম। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ পৰা অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাত অপহৰণকাৰীৰ সন্ধানত চলাইছে এই অভিযান।

চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৰশমণি তালিবাৰ নেতৃত্বত আৰু অভয়াপুৰীৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসহ যোৱা আৰক্ষীৰ দলে অপহৰণকাৰীৰ সন্ধানত চলোৱা শ্বাসৰূদ্ধকৰ এই অভিযানকালত আগতীয়াকৈ আৰক্ষী অহাৰ উমান পাই পলোৱা দুধৰ্ষ কুখ্যাত আৰু চৰাইপুংৰ কিশোৰী অপহৰণ কাণ্ডৰ লগত জড়িত মাষ্টাৰ মাইণ্ড জাহেৰুল ইছলামক খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে কুখ্যাত অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰা হৈছে অপহৃত কিশোৰীগৰাকী৷ কুখ্যাত অপহৰণকাৰীটোক এতিয়া ৰখা হৈছে আৰক্ষীৰ জিম্মাত৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply