নিউজ ডেস্ক: অসমৰ এগৰাকী যুৱতীক সামাজিক মাধ্যমত অশালীন আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে ৰাজস্থানৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। মঙলবাৰে আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।
অভিযুক্ত যুৱকক আজি গুৱাহাটীলৈ আনি আদালতত হাজিৰ কৰোৱা হ’ব বুলি অসম আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।
বিষয়া গৰাকীয়ে জনোৱা মতে অভিযুক্ত যুৱকজনে অসমৰ যুৱতী গৰাকীয়ে হ’ষ্ট কৰা এটা ইন্সটাগ্ৰাম লাইভ চেছনত জইন কৰি অত্যন্ত অশালীন আৰু সামপ্ৰদায়িক মন্তব্য প্ৰদান কৰে।
‘লোকজনৰ বিৰুদ্ধে আমি এটা গোচৰ ৰুজু কৰিছো। আমাৰ দলে ৰাজস্থানৰ বিকানেৰৰ পৰা লোকজনক গ্ৰেপ্তাৰ কৰে,’ তেওঁ কয়।
অসম আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত ভনিটা নাথে জনোৱা মতে গুৱাহাটীৰ মহিলা আৰক্ষী থানাত অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
লগতে পঢ়ক – বোকাখাতত HP তেল ডিপোৰ বিৰুদ্ধে গ্ৰাহকক লুণ্ঠনৰ অভিযোগ