নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে অব্যাহত ৰখা ড্ৰাগছ বিৰোধী অভিযানত আজি জিলাখনৰ বিভিন্ন স্থানৰ পৰা ১২ জন অবৈধ ড্ৰাগছ ব্যৱহায়ীক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীৰ অভিযানকাৰী দল নগাঁৱৰ পৰা বালুগুটিৰ দিশে গৈ থকা অৱস্থাত বিপৰীতে দিশৰ পৰা আহি থকা এ এচ-০২-পি-০৪০২ নম্বৰৰ বাইকত অহা আব্দুল ওদুদ আৰু মুফাজ্জল হক নামৰ দুজন ড্ৰাগছ মাফিয়াই আৰক্ষীক দেখি বাইকখন থৈ ড্ৰাগছৰ টোপোলা লৈ পথাৰৰ ফালে পলায়নৰ চেষ্টা চলাইছিল যদিও অভিযানকাৰী আৰক্ষীৰ দলটোৱে শূণ্যলৈ এক জাই গুলী চলাই ড্ৰাগছ মাফিয়া দুজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে ধৃত আব্দুল আৰু মুফাজ্জলৰ পৰা ৩০ গ্ৰাম হেৰ’ইন জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহ কাৰ্যত ব্যৱহৃত বাইকখনো জব্দ কৰে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, এই দুই ড্ৰাগছ মাফিয়াই দীৰ্ঘদিন ধৰি উত্তৰ-পশ্চিম নগাঁৱত অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।
উক্ত লোক দুজনৰ উপৰি নগাঁও আৰক্ষীয়ে নাৰমাৰীকে ধৰি নগাঁও চহৰৰ চকীটটুপ, চহৰখনৰ সমীপৰ পাথৰি আৰু বালুগুটিত অভিযান চলাই আজিৰ দিনটোতে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত মুঠ ১২ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক : বাবা ৰামদেৱৰ বিৰুদ্ধে এক হাজাৰ কোটি টকাৰ মানহানিৰ গোচৰ!
তেওঁলোক হ’ল – বিক্ৰম ৰয়(২০), নিতু দাস(১৯), গনেশ হাজৰিকা(৩৩), ৰাজদ্বীপ নন্দী(২৮), নৱজিৎ বৰা(৩২), ৰিংকু দাস(২৪), বিৰিঞ্চি তামুলী(৪০), ছাইফুল ইছলাম(৩৫), নবী হুছেইন(৪৩), চামচুল হক(৪৮), মফাজ্জুল হক(৪১) আৰু আব্দুল ওদুদ(৪০)। ধৃত আটাইকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
আনহাতে আন এক সফল অভিযানত নগাঁও আৰক্ষীয়ে আজি আত্মগোপন কৰি থকা জিলাখনৰ মষ্ট ৱাণ্টেড মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইকবাল হুছেইনকো গ্ৰেপ্তাৰ কৰে।
প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি আনন্দ মিশ্ৰাৰ দলে, সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছিল যাৰ ফলত দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া ইকবালে পলায়নৰ কোনো সুৰুঙা নাপালে।