গুৱাহাটী: অসম আৰক্ষীয়ে শুকুৰবাৰে গুৱাহাটীৰ জ্যোতিনগৰ অঞ্চলৰ এটা ভাড়াঘৰৰ পৰা জাল নোটৰ সৈতে নকল ভাৰতীয় মুদ্ৰা টকা (Fake Indian Currency Note) চপা কৰা এটা মেচিন জব্দ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।
প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি চান্দমাৰী আৰক্ষীয়ে অভিযুক্ত ঊষা বৰ্মনৰ (৩৬) ঘৰত তালাচী চলায় আৰু তেওঁৰ ঘৰৰ পৰা জাল নোটৰ লগতে জাল নোট তৈয়াৰ কৰা অন্যান্য সামগ্ৰীৰ আৰু জাল নোট চপা কৰা এটা মেচিন জব্দ কৰে।
মহিলা গৰাকীৰ গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীয়ে এই গোটেই আঁৰত এক বৃহত জাল নোট চক্ৰ জড়িত থকা বুলি সন্দেহ কৰিছে।
উল্লখযোগ্য যে অভিযুক্ত মহিলা গৰাকীয়ে মহানগৰৰ জু ৰোড অঞ্চলৰ এখন বিউটি পাৰ্লাৰতো কাম কৰি আছিল।
গুৱাহাটী চেণ্ট্ৰেল ৰেঞ্জৰ অতিৰিক্ত আৰক্ষী উপায়ুক্ত পল্লৱ তামুলীয়ে ইষ্টম’জ’ৰ আগত কয়, “আমি ঊষা বৰ্মন নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁৰ ওচৰৰ পৰা এটা Fake Indian Currency Note চপা কৰা মেচিন আৰু জাল নোট জব্দ কৰিছো। আমাৰ বিষয়াসকলে এতিয়াও জব্দ কৰা জাল নোটৰ গণনা কৰি আছে। বিষয়টোৰ তদন্ত চলি আছে আৰু অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”
লগতে পঢ়ক – অসমত উত্তৰ-পূবৰ ভিতৰত আৰক্ষীৰ জিম্মা আৰু এনকাউন্টাৰত মৃত্যুৰ সংখ্যা সৰ্বাধিক