নিউজ ডেস্ক : সীমা বিবাদকলৈ অসম-মিজোৰামৰ মাজত অব্যাহত থকা চেপা উত্তেজনাৰ মাজতে কাচাৰ জিলাৰ মিজোৰামৰ সীমান্তৱৰ্তী অঞ্চলত অসম আৰক্ষীয়ে বাহৰ পাতি পহৰা দি থকাৰ লগতে মিজো লোকে আক্ৰমণ কৰাৰ ভয়ত অঞ্চলটোৰ কোনো লোক ঘৰৰ বাহিৰলৈ ওলোৱাৰ পৰা বিৰত আছে।
আৰক্ষীৰ দলে কাচাৰ জিলাৰ খুলিচেৰা আৰু ঢলাখাল অঞ্চলত বাহৰ পাতি আছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষক নিমবালকাৰ বৈভৱ চন্দ্ৰকান্তই জানিবলৈ দিয়ে।
কুলিচেৰা অঞ্চল কাচাৰৰ ঢলাই আৰক্ষী থানাৰ অধীনত পৰে। অঞ্চলটোত দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে বাহৰ পাতি আছে, যাৰ ফলত অঞ্চলটোৰ পৰা কিছু লোক আঁতৰি আহিছে বুলি জানিব পৰা গৈছে।
কাচাৰৰ উপায়ুক্ত কীৰ্থি জল্লীয়ে বুধবাৰে সীমান্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে স্থানীয় লোকসকলক উৰাবাতৰিত গুৰুত্ব নিদিবলৈ আহ্বান জনায়।
‘এইখিনি অসমৰ ভূমি। আমাৰ ভূমিৰ ওপৰত বেদখলৰ বাবে চলোৱা সকলো প্ৰচেষ্টা আমি প্ৰতিহত কৰি যাম। বিষয়টোক লৈ উচ্চ পৰ্য্যায়ৰ আলোচনা চলি আছে আৰু মই নিশ্চিত যে সোনকালেই ইয়াৰ এটা সমাধান ওলাব,’ তেওঁ কয়।
উল্লেখযোগ্য যে বিগত কিছু দিনত অসম আৰক্ষীয়ে সীমান্তত মিজোৰামৰ লোকে চলোৱা ‘বেদখল’ৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ পিছৰে পৰা কাচাৰ আৰু হাইলাকান্দি জিলাৰ সীমান্ত অঞ্চলৰ পৰিস্থিতি উত্তপ্ত হৈ আছে।
কিছুদিন পূৰ্বে ৰাজ্য দুখনৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু আন কিছু শীৰ্ষ বিষয়াৰ মাজত বিষয়টোক লৈ নতুন দিল্লীত এখন উচ্চ পৰ্য্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল।
লগতে পঢ়ক : অসম-মিজোৰামৰ সীমা সমস্যা পৰ্য্যলোচনাৰ বাবে মিজোৰাম চৰকাৰৰ আয়োগ গঠন