নিউজ ডেস্কঃ অসম আৰক্ষীৰ কনিষ্টবল পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব ২০ ফেব্ৰুৱাৰীত। উল্লেখ্য যে, ৯০১৭টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ’ব। এই অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে সাজু অসম আৰক্ষী।

জানিব পৰা মতে, অসমৰ ৮খন জিলাৰ ৭৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব এই পৰীক্ষা। এই পৰীক্ষা কেন্দ্ৰসমূহত থাকিব চিচি টিভি কেমেৰা। লগতে জামাৰো ব্যৱহাৰ কৰা হ’ব পৰীক্ষা কেন্দ্ৰসমূহত। .

পৰীক্ষা কেন্দ্ৰসমূহত সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰা হ’ব। ইতিমধ্যে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সকলো প্ৰাৰ্থীক নিয়ম মানি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে জনাইছে আহ্বান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply