চৰাইদেউ: চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাত সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত সতীৰ্থ আৰক্ষীৰ গুলীত এজন আৰক্ষী কনিষ্টবলে প্ৰাণ হেৰুৱাব লগা হয়।
প্ৰাপ্ত তথ্য মতে, আজি পুৱা সোণাৰি আৰক্ষী থানাৰ দুজন কনিষ্টবলৰ মাজত কিবা কথাকলৈ তৰ্কাতৰ্কি লাগে আৰু খঙৰ ভমকত দীপক কাকতি নামৰ কনিষ্টবলজনে নিজৰ চাৰ্ভিছ ৰাইফলেৰে গকুল বসুমতাৰী নামৰ আৰক্ষী জোৱানজনৰ ওপৰত চাৰি জাঁই গুলীচালানা কৰে।
ডিঙিত তিনিটাকৈ গুলী লগা বসুমতাৰীক ততাতৈয়াকৈ এখন হস্পিটাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।
ইতিমধ্যে উক্ত কাণ্ড সংঘটিত কৰা দীপক কাকতিয়ে আত্মসমৰ্পন কৰাৰ লগতে আৰক্ষীয়ে তেওঁ ব্যৱহাৰ কৰা চাৰ্ভিছ ৰাইফলটো জব্দ কৰিছে।
ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি কাকতিক গ্ৰেপ্তাৰ কৰাৰ লগতে বসুমতাৰীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বাতৰি লিখা সময়লৈকে গুলীচালনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
লগতে পঢ়ক – বিতৰ্কই লগ এৰা নাই মঙলদৈ অসামৰিক চিকিৎসালয়ক