দক্ষিণ শালমাৰা-মানকাচৰত আৰক্ষী দিৱস উদযাপন অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টবলক সম্বৰ্ধনা জনোৱা হয়।
দক্ষিণ শালমাৰা : ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে শুকুৰবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো অসম আৰক্ষী দিৱস উদযাপন কৰা হয়। জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জিলা আৰক্ষী প্ৰশাসনৰ নেতৃত্বত অসম আৰক্ষী দিৱস পালন কৰা হয়।
অসম আৰক্ষী দিৱস উদযাপন অনুষ্ঠানত আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে পতাকা উত্তোলন কৰাৰ লগতে বিশেষ প্ৰেডৰ অভিবাদন গ্ৰহণ কৰে। এই কাৰ্যসূচীৰ পিছতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ৭ গৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া-কনিষ্টবলক সম্বৰ্ধনা জনোৱা হয়।
লগতে পঢ়ক : হাটশিঙিমাৰীৰ সুখচৰ হাজিৰহাটত ১০ ফুট দীঘল অজগৰ উদ্ধাৰ
আনহাতে জিলাখনৰ অধীনত থকা চাৰিখনকৈ আৰক্ষী থানা আৰু তিনিখন আৰক্ষী চকীতো সুকীয়াভাৱে অসম আৰক্ষী দিৱস উদযাপন কৰা হয়। প্ৰতিখন থানাৰ অধীনত থকা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া-কনিষ্টবলকো দায়িত্বত থকা ভাৰপ্ৰাপ্ত বিষয়া সকলে ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱা হয়।