মানকাচৰ : অহা ৯ মে’ত মানকাচৰলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। নিৰাপত্তাৰ বাবে ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। মামকাচৰ সীমান্তত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষী অধীক্ষক নিৰ্দেশ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ।
অহা ৯ মে’ তাৰিখে মানকাচৰত দেশৰ গৃহমন্ত্রী অমিত শ্বাহ আহিব। গৃহমন্ত্ৰী গৰাকীৰ আগমনৰ পূৰ্বে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত কটকটিয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। ইয়াকে লৈ দেওবাৰে মানকাচৰত হেলিকপ্টাযোগে উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ মহন্ত।
উল্লেখযোগ্য যে দেওবাৰে দিনৰ প্ৰায় ২ বজাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, আইজিপি ভাইলটি বৰুৱা, নামনি অসমৰ ডিআইজি দিলীপ কুমাৰ দে হেলিকপ্টাৰযোগে মানকাচৰৰ কামাখ্যাবাৰী হেলিপেডত অৱতাৰণ কৰে। জিলা আৰক্ষী অধীক্ষক, জিলা উপায়ুক্তৰ লগতে বিএছএফৰ শীৰ্ষ বিষয়া সকলে আৰক্ষীৰ সঞ্চালক প্ৰধান জনক সম্বৰ্ধনা জনাই ভাৰত বাংলাদেশ সীমান্তত লৈ যায়।
সীমান্তৰ সাহাপাৰা বিএছএফ কেম্প এলেকাৰ কাঁইটীয়া তাঁৰৰ বেৰ পৰিদৰ্শন কৰি মানকাচৰৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। ইয়াত পাছত মানকাচৰ বিএছএফ কেম্পত উপস্থিত হৈ বিএছএফ, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে নিৰাপত্তাজনিত আলোচনাত মিলিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।
লগতে পঢ়ক – মঙলদৈ সাহিত্য চ’ৰাৰ ২৪৪ সংখ্যক বৈঠক সম্পূৰ্ণ
আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে সাংবাদিকৰ আগত কয় যে অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতি সন্মান পোৱাৰ বাবে ধুবুৰী-বাংলাদেশ সীমান্তত মটৰ চাইকেল ৰেলিত অংশগ্ৰহণ কৰি মানকাচৰৰ সীমান্তৰ বুজ ল’বলৈ আহিছে। মানকাচৰ সীমান্তত গৰুৰ চোৰাং কাৰবাৰ হয় নেকি তাক লৈ বিএছএফ আৰু আৰক্ষীৰ সৈতে আলোচনা কৰে। একেদৰে সীমান্তত গৰু সৰবৰাহকাৰীয়ে কৃষৰক খেতি বাতি নষ্ট কৰি বাংলাদেশত গৰু সৰবৰাহ কৰাৰ বিষয়টো অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে গুৰুত্ব সহকাৰে লৈ জিলা আৰক্ষী অধীক্ষক গৰুৰ কাৰবাৰ তৎকালীনভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।