সোণাৰি : অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই সোমবাৰে সোণাৰি আৰক্ষী থানাত উপস্থিত হৈ উজনি অসমৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকত অংশগ্ৰহণ কৰে।
বৈঠকত অংশগ্ৰহণ কৰা পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সাংবাদিকৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত সমাজ বিৰোধী যিকোনো লোকৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হ’ব বুলি মন্তব্য কৰি কয় অসমত থকা তালিবানৰ সমৰ্থকৰ বিৰুদ্ধেও কঠোৰ হ’ব আৰক্ষী।
এই সন্দৰ্ভত বিভিন্ন জনে সামাজিক মাধ্যমত তালিবানৰ সমৰ্থনত বিভিন্ন কথা প্ৰচাৰ কৰি থকা দৃষ্টি গোচৰ হৈছে গতিকে সামাজিক মাধ্যমত দৃষ্টি ৰাখিব আৰক্ষীয়ে।
ইফালে ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰি চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলত থকা ড্ৰাগছ তথা অসামাজিক কাৰ্যকলাপৰ ঘাটি উচ্ছেদ কৰা হ’ব বুলিও হুংকাৰ প্ৰদান কৰে।
আনহাতে শতবৰ্ষ গৰকা সোণাৰি আৰক্ষী থানাৰ পুৰণি গৃহটি সংৰক্ষণ কৰা হ’ব বুলি মন্তব্য কৰা লগতে ১৯৪৭ চনৰ পূৰ্বে স্থাপন কৰা আৰক্ষী থানাসমূহৰ গৃহসমূহ সংৰক্ষণ কৰা লগতে ৰাজ্যৰ প্ৰতিখন থানাতে নথি-পত্ৰসমূহ ডিজিটেলাইজদ কৰি সংৰক্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।
মন কৰিবলগীয়া যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সীমান্তৰ চৰাইদেউ জিলাৰ সোণাৰিত উজনি অসমৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে বিশেষ বৈঠকত অংশগ্ৰহণ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।
লগতে পঢ়ক আজিও আইচিইউত জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে মৰিধলৰ ছাত্রী নন্দিতাই