নিউজ ডেস্ক – ছুপাৰকপ খ্যাত জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰূপে দায়িত্ব গ্ৰহণৰ দিনাই অসম আৰক্ষীৰ একশ্যন। ডবকাত পুনৰ আৰক্ষীৰ এনকাউন্টাৰ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওতেই ড্ৰাগছ ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা৷ আৰক্ষীৰ গুলীত শ্বৰিফ উদ্দিন নামৰ ড্ৰাগছ ব্যৱসায়ী আহত হোৱাৰ বিপৰীতে ছুজান নামৰ আন এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডবকা আৰক্ষী। 

ঘটনাৰ বিৱৰণীমতে, মঙলবাৰে সন্ধিয়া ভাগত ডবকা-নীলবাগানৰ মাজত নাহৰগাঁও কেঞ্চীবজাৰ নামৰ ঠাইত চাৰি ড্ৰাগছ ব্যৱসায়ী থকাৰ খবৰ পাই ডবকা আৰক্ষী আৰু হোজাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে যুটীয়া অভিযান চলায়৷ আৰক্ষীৰ অভিযানৰ খবৰ পাই দুই ড্ৰাগছ ব্যৱসায়ীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ বিপৰীতে আন দুই ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে আটক কৰে৷ 

আটকাধীন শ্বৰিফউদ্দিনে এজন কনিষ্টবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলোৱাৰ সময়ত আৰক্ষীয়ে শ্বৰিফৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত আহত শ্বৰিফউদ্দিনক ডবকা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পাছত নগাঁৱলৈ প্ৰেৰণ কৰা হয়৷ ইপিনে আৰক্ষীয়ে অভিযানত ২০ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে দুখনকৈ বাইক জব্দ কৰে৷ আটক হোৱা দুয়োৰে ঘৰ ডবকা নাহাৰ গাঁৱত৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply