সোণাৰি : সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত দিনে-নিশাই একাংশ নগা দুষ্কৃতিকাৰীয়ে বন ধ্বংস যজ্ঞ অব্যাহত ৰখাৰ কথা বাৰম্বাৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত আজি বন বিভাগে চৰাইদেউ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত এক অভিযান চলাই মাৰণাস্ত্ৰসহ ছয়জনকৈ চোৰাং কাঠ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১৫ কিলোমিটাৰ ভিতৰৰ অতি দূর্গম অঞ্চলত কাঠ কাটি থকা অৱস্থাতে কাঠ সৰবৰাহকাৰী কেইজনক আৰক্ষীয়ে কৰায়ত্ত কৰে।

আনহাতে অভিযানকাৰী দল বনাঞ্চল খনৰ ভিতৰলৈ সোমাই যোৱাৰ উমান পাই কেইবাজন দুষ্কৃতিকাৰীয়ে পলায়ন কৰে হাবিৰ মাজলৈ। পুৱাৰে পৰা চলা এই অভিযানত দুষ্কৃতিকাৰীৰ পৰা এটা মাৰণাস্ত্ৰসহ AS 04 F 6556 নম্বৰৰ এখন বাইক আৰু NL04 T 0795 নম্বৰৰ এখন অট’ৰিক্সা আৰু হাবিৰ মাজৰপৰা কাঠ সৰবৰাহত ব্যৱহাৰ কৰা এহাল ম’হ জব্দ কৰিবলৈ সক্ষম হয়।

চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী, অবিভক্ত শিৱসাগৰ জিলাৰ বন বিষয়া দেৱেন চন্দ্ৰ কলিতা, চৰাইদেউৰ সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষক সবিতা দাসৰ নেতৃত্বত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বনৰক্ষীয়ে চলোৱা এই আভিযানৰ সময়ত আটক হোৱা দুষ্কৃতিকাৰী কেইজনৰ চাৰিজন নাগালেণ্ডৰ মন জিলাৰ লাপা লমপুং আৰু আন দুজনৰ ঘৰ মৰিগাঁও আৰু নগাঁওত বুলি জানিব পৰা গৈছে।

আটকাধীন লোককেইজনক চিয়াংকু কন্যাক, আমান কন্যাক, ফুননং কন্যাক, কুংচিং কন্যাক, আজগৰ আলি আৰু মইনুল হক বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, অসম-নগালেণ্ড সীমান্তত থকা চৰাইদেউ জিলাৰ অন্যতম বৃহৎ সংৰক্ষিত বনাঞ্চলখনত বহু মূল্যৱান গছ কাটি চোৰাংকৈ সৰবৰাহ কৰা তথ্য প্ৰকাশ পাইছিল সংবাদ মাধ্যমত।

চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ নেতৃত্বত আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু বন বিভাগে শনিবাৰে নগানদী বনগাওঁৰ পৰা নগাই লুট কৰি নিয়া মহৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলত চলোৱা যুটীয়া অভিযানত বনাঞ্চলখনৰ ভিতৰত দুষ্কৃতিকাৰীয়ে বৃহৎ বৃহৎ গছৰ কুণ্ডা কাটি ৰখাৰ তথ্য পোহৰলৈ আহিছিল।

আনহাতে বনাঞ্চলখনৰ প্ৰায় ১৫ কিলোমিটাৰ ভিতৰৰ অতি দুৰ্গম এলেকাত বৃহৎ মূল্যবান গছ কাটি মজুত কৰি ৰখাৰ তথ্যও সংবাদ মাধ্যমে বহুবাৰ প্ৰকাশ কৰিছিল। তাৰ পিছতো কিন্তু সোণাৰিৰ নাফুকস্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চলখনত নগা দুষ্কৃতিকাৰীৰ অবাধ বিচৰণৰ পাছতো বন বিভাগে কোনো ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল।

মন কৰিবলগীয়া যে নগা দুষ্কৃতিকাৰীয়ে বনাঞ্চলখনৰ মাটি বেদখল কৰাৰ লগতে বনাঞ্চলৰ ভিতৰত অনুপ্ৰেৱশ কৰি গছ কাটি থকা অৱস্থাত কেইবাটাও নগা দুষ্কৃতিকাৰীক আটক কৰা হৈছিল যদিও আইনৰ সুৰুঙাৰে জামিনত মুক্তি পাইছিল দুষ্কৃতিকাৰীকেইটাই।

আনহাতে সংৰক্ষিত বনাঞ্চলখনত বন ধ্বংস যজ্ঞ অব্যাহত থকাৰ খবৰ সংবাদ মাধ্যমত বাৰম্বাৰ প্ৰচাৰিত হোৱাৰ পিছতো কিন্তু গা লৰা নাছিল বন বিভাগৰ। যাৰ ফলত বন বিভাগৰ কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ বাবে বন ধ্বংস যজ্ঞ অব্যাহত ৰাখিছে চোৰাং কাঠ ব্যৱসায়ীয়ে। এইক্ষেত্ৰত বন বিভাগে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হব।

লগতে পঢ়ক : কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম, নিয়ম ভংগ কৰিলেই শাস্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply