নিউজ ডেস্ক : অসম আৰক্ষীত নতুনকৈ সৃষ্টি হোৱা অসম কমাণ্ডো বেটেলিয়নৰ ৩২০ টা উপ-পৰিদৰ্শক পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।

State Level Police Recruitment Board, Assam -এ এক বিজ্ঞাপন যোগে আগ্ৰহী প্ৰাৰ্থীসকলক অনলাইন যোগে আৱেদন কৰিবলৈ বিভাগীয় বিজ্ঞাপন জৰিয়তে আহ্বান জনাইছে। অৱেদনৰ অন্তিম তাৰিখ ২১ জানুৱাৰী, ২০২২।

প্ৰাৰ্থীসকলে আৱেদনৰ কোনো মাচুল দিব নালাগে বুলি বিজ্ঞাপনত উল্লেখ কৰা হৈছে।

উক্ত পদসমূহৰ ৩১৪ টা পদ পুৰুষ আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ বাবে আৰু ৬ টা পদ মহিলা প্ৰাৰ্থীৰ বাবে।

অ’ বি চি আৰু এম অ’ বি চি প্ৰাৰ্থীৰ বাবে ২৭%, এছ চি প্ৰাৰ্থীৰ বাবে ৭%, এছ টি (পি) প্ৰাৰ্থীৰ বাবে ১০% আৰু এছ টি (এইচ) প্ৰাৰ্থীৰ বাবে ৫% আসন সংৰক্ষিত থাকিব। ইয়াৰ উপৰি মুঠ পদৰ ৫% আসন খেলুৱৈসকলৰ বাবে সংৰক্ষিত থাকিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কলা, বিজ্ঞান, বাণিজ্য বা আন যিকোনো বিভাগত এখন স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ স্নাতক হ’ব লাগিব। তদুপৰি ইচ্ছুক প্ৰাৰ্থীৰ গৰাকী ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হোৱাটো বাধ্যতামূলক।

প্ৰাৰ্থী গৰাকীয়ে অসমীয়া বা অসমৰ আন যিকোনো এটা ভাষা সাৱলীলভাৱে ক’ব পাৰিব লাগিব। প্ৰাৰ্থীৰ নাম অসমৰ যিকোনো নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীভুক্ত থাকিব লাগিব।

প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২১-ত ২০ৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব। এছ চি, এছ টি (পি) আৰু এছ টি (এইচ)ৰ প্ৰাৰ্থীৰ বয়সৰ ক্ষেত্ৰত ৫ বছৰ আৰু অ’ বি চি, এম অ’ বি চি প্ৰাৰ্থীৰ বাবে ৩ বছৰৰ ৰেহাই থাকিব।

ইচ্ছুক প্ৰাৰ্থীসকলে এই সম্পৰ্কে বিতংভাৱে জানিবলৈ ইয়াত ক্লিক কৰক।

অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – মাজুলীৰ বৰমুকলিত গঁড়ৰ সন্ত্ৰাস

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply