অপহৰণকাণ্ডত জড়িত অসম আৰক্ষীৰ লোক

গুৱাহাটী : গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এক চাঞ্চল্যকৰ অপহৰণকাণ্ডৰ লগত জড়িত অসমৰ আৰক্ষীৰ লোক। আৰক্ষীৰ পোছাক পৰিধান কৰি মহানগৰীৰ মাজমজিয়াৰ পৰা অপহৰণ কৰা হৈছিল এজন লোকক। পল্টন বজাৰৰ কালিবাৰীৰ বাসগৃহৰ পৰাই অপহৰণ কৰা হৈছিল অজিত দাস নামৰ এজন লোকক।

পল্টন বজাৰৰ কালিবাৰীৰ বাসিন্দা অজিত দাসক সোমবাৰে পুৱতি নিশা ঘৰৰ পৰাই অপহৰণ কৰিছিল চাৰিজনকৈ লোকে। অজিত দাসৰ পৰিয়ালৰ লোকে অপহৰণ সন্দৰ্ভত লতাশীল থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি জাগীৰোডৰ এক দুৰ্গম অঞ্চলৰ পৰা অজিত দাসক উদ্ধাৰ কৰে।

অপহৰণকাণ্ডৰ লগত জড়িত থকা চাৰি অপহৰণকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা চাৰিজন অপহৰণকাৰীৰ ভিতৰত তিনিজন অসম আৰক্ষীৰ লোক আৰু এজন ফাৰ্মাচিষ্ট বুলি জানিব পৰা গৈছে। অপহৰণকাণ্ডত জড়িত থকা আৰক্ষীৰ লোক তিনিজন হৈছে ফাঁচিবজাৰ থানাৰ জোৱান ৰাজ বাবু সিং, বেটেলিয়ানৰ হাবিলদাৰ জিতেন বাইলুং আৰু গৃহৰক্ষী জোৱান সুৰজ পাটৰ।

লগতে পঢ়ক : ”Asia Books of records”ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে অভয়াপুৰীৰ বিমোন চক্ৰৱৰ্তীয়ে

আনহাতে অপহৰণকাণ্ডৰ লগত জড়িত থকা ফাৰ্মাচিষ্ট জন হৈছে মনেশ্বৰ দাস। অজিত দাসক অপহৰণ কৰি আহৰণকাৰী কেইজনে ২০ লাখ টকা মুক্তিপণ দাবী কৰিছিল বুলিও জানিব পৰা গৈছে। আৰক্ষীয়ে চাৰিওজন অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰি জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,118 other subscribers

Leave a comment

Leave a Reply