গোঁসাইগাঁও : মুক্তাৰ আলী নামৰ আৰক্ষী জোৱানে জব্দ কৰিলে ২ কোটি টকা মূল্যৰ হে’ৰইন। বঙাইগাঁও জিলাৰ গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত শিমুলটাপু আৰক্ষী চকীৰ জোৱান মুক্তাৰ আলী। নিশা এখন ট্ৰাকত তালাচী চলাই মুক্তাৰ আলীয়ে জব্দ কৰে হে’ৰইনখিনি।
অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি ড্ৰাগছ বিৰোধী অভিযান চলাই আছে। ড্ৰাগছ ব্যৱসায়ী সকলক ড্ৰাগছ সৰবৰাহৰ কোনো ধৰণৰ সুবিধা প্ৰদান কৰিব বিচৰা নাই অসম আৰক্ষীয়ে। ড্ৰাগছ মুক্ত অসম গঢ় দিয়াৰ বাবে প্ৰতিজ্ঞাবদ্ধ অসম আৰক্ষীৰ প্ৰতিজন জোৱান।
কিছুদিন পুর্বে কাৰ্বি আংলং জিলাত এজন গৃহৰক্ষী জোৱানে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰি চৰ্চালৈ অহাৰ পিছত পুনৰবাৰ অন্য এজন আৰক্ষী জোৱান বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰি চৰ্চালৈ আহিছে। এইবাৰ বঙাইগাঁও জিলাৰ আৰক্ষী জোৱান মুক্তাৰ আলীয়ে জব্দ কৰিছে ২ কোটি টকা মূল্যৰ হে’ৰইন।
বঙাইগাঁও জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষী জোৱান মুক্তাৰ আলীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই এই হে’ৰইনখিনি জব্দ কৰে। নিশা ৮.৩০ মান বজাত ৰাষ্ট্ৰীয় ঘাইপথত নাকা তালাচীত কৰ্ত্যবৰত মুক্তাৰ আলীয়ে জিযে-০১-ইটি-৩০৬৭ নম্বৰৰ এখন কণ্টেইনাৰ ট্ৰাকত তলাচী চলাই বৃহৎ পৰিমাণৰ হে’ৰইন জব্দ কৰে।
লগতে পঢ়ক : ঢেকীয়াখোৱা বৰ নামঘৰত কভিড প্ৰট’কল মানি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন
আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালক আৰু অন্য এজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন বিকাশ কুমাৰ আৰু অনিল কুমাৰ বুলি জানিব পৰা গৈছে। জব্দকৃত ২ কেজি ওজনৰ হে’ৰইনখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।