মাজুলী : মাজুলীত সংঘটিত শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছতে ক্ষোভিত হৈ পৰিছে সমগ্ৰ মাজুলীবাসী। আজি মুখ্য মন্ত্ৰীৰ উপস্থিতিৰ পিছতে আছু আৰু সাধাৰণ জনতাৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰে মাজুলী।

ঘটনাস্থলী পৰিদৰ্ষণৰ বাবে মাজুলীত উপস্থিত থকা শক্তি মন্ত্ৰী বিমল বৰাক গড়মুৰ চাৰিআলীৰ ৰাজপথত আধা ঘণ্টাতকৈ অধিক সময় বহুৱাই লৈ উত্তেজিত ৰাইজে নিজৰ ক্ষোভ উজাৰে।

‘ফেৰীবিলাকত লাইফ জেকেটৰ কোনো ব্যৱস্থা নাই। আমাৰ জন্ম হোৱা দিন ধৰি আমি দলঙৰ কথা শুনি আহিছো কিন্তু আজি পৰ্য্যন্ত দলঙৰ এটা খুঁটাও দেখা নাপালো,’ এগৰাকী ছাত্ৰই কয়।

প্ৰতিবাদকাৰী সকলে মুখ্য মন্ত্ৰীক তেওঁলোকৰ সৈতে কথা পাতিবলৈ দাবী জনায়। আনহাতে পৰিস্থিতি ক্ৰমে অধিক উত্তপ্ত হৈ উঠাত মন্ত্ৰী বৰাই সেই স্থান পৰিত্যাগ কৰে।

ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে এখন বেৰিকেড ভাঙিবলৈ চেষ্টা কৰাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে উত্তেজিত প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা কৰে।

আনহাতে, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰাত মাজুলীৰ সমস্যাৰ ওপৰত মাত মাতিবলৈ গৈ বহু কেইজন প্ৰতিবাদকাৰী আহত হ’ব লগীয়া হয়। এগকাৰী ছাত্ৰই আৰক্ষীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰে লাঠিচালনা কৰা বুলি অভিযোগ কৰে।

উক্ত প্ৰতিবহাদৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে মাজুলীত উপস্থিত হোৱা মুখ্য মন্ত্ৰীক লগ ধৰি ফেৰী দুৰ্ঘটনাৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী তোলে।

লগতে পঢ়ক : ডিমা হাচাওত পুনৰ অশান্তি : পাইন কাঠ ভৰ্তি তিনিখন ট্ৰাকত দুৰ্বৃত্তৰ অগ্নিসংযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply