ৰাজ্যবাসীক বিপদৰ পৰা ৰক্ষা কৰিবলৈ অসম আৰক্ষীয়ে মুকলি কৰিলে এটা বিশেষ নম্বৰ।

যিকোনো বিপদৰ সন্মুখীন হলেই ডাইল কৰিব পাৰিব নম্বৰটোত। অসম আৰক্ষীৰ জৰুৰীকালীন ব্যৱস্হাৰ অধীনত মুকলি কৰা হৈছে ১১২ নম্বৰ।

১১২ নম্বৰত ফোন কৰিলেই আপুনি লাভ কৰিব নিৰাপত্তা। সকলো সময়ত ৰাজ্যবাসীক নিৰাপত্তা প্ৰদান কৰিব অসম আৰক্ষীয়ে।

ৰাজ্যবাসীয়ে ১১২ নম্বৰত যিকোনো ধৰণৰ অভিযোগ দাখিল কৰিব পাৰিব। হিংসা,ধৰ্ষণ,মাৰপিত আদি যিকোনো অভিযোগ দাখিল কৰিব পাৰিব।

অসম আৰক্ষীয়ে ৰাজ্যবাসীক জনাই যে, অতি কম সময়ৰ ভিতৰত তেওঁলোকে জৰুৰীকালীন সেৱা আগবঢ়াব। ফোন আৰু SMS ৰ জৰিয়তে লাভ কৰিব নিৰাপত্তা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply