শিলচৰ: চলিত মাহৰ আৰম্ভণিতে শিলচৰৰ এটা পৰ্যৱেক্ষণ গৃহৰ পৰা পলাই যোৱা পাঁচজন নাবালক ৰহিংগীয়াক বিচাৰি উলিয়াবলৈ অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।
জানিব পৰা মতে, ২৯ মে’ত শিলচৰত আৰক্ষীয়ে কোনো বৈধ নথি-পত্ৰ অবিহনে ভ্ৰমণ কৰা পাঁচজন নাবালকক তেওঁলোকৰ অভিভাৱকৰ সৈতে আটক কৰিছিল।
উল্লেখযোগ্য যে ২৯ মে’ত শিলচৰৰ চেণ্ট্ৰেল ৰোডত আৰক্ষীয়ে কোনো বৈধ নথি পত্ৰ প্ৰস্তুত কৰাত বিফল হোৱাত জম্মু-কাশ্মীৰৰ পৰা অহা ১২ টা শিশু, ছয়জন পুৰুষ আৰু আঠগৰাকী মহিলাকে ধৰি প্ৰায় ২৬ জন ৰোহিংগীয়াক আটক কৰিছিল। পিছত, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় আৰু প্ৰাপ্তবয়স্কসকলক শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত অৱস্থিত শিলচৰ ডিটেনচন চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়। আনহাতে, নাবালকসকলক শিলচৰৰ মেহেৰপুৰৰ এক চৰকাৰী পৰ্যৱেক্ষণ গৃহলৈ প্ৰেৰণ কৰা হয়।
ঘটনাটোৰ পিছত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এটা দলে শিলচৰ ভ্ৰমণ কৰি ডিটেনচন চেণ্টাৰত ৰহিংগীয়াসকলক সোধা-পোচা কৰিছিল।
সূত্ৰসমূহে জনোৱা মতে পৰ্যৱেক্ষণ গৃহৰ অধীক্ষকে বিষয়টো আৰক্ষীক জনাইছিল। অভিযোগকাৰীৰ মতে, পাঁচজন নাবালক ৰহিংগীয়াকে ধৰি সাতজন নাবালক ল’ৰা ১ জুলাইত পৰ্যৱেক্ষণ গৃহৰ পৰা পলাই গৈছিল। তেওঁ আৰক্ষী কৰ্তৃপক্ষক বিষয়টো তদন্ত কৰিবলৈ আৰু পলায়নকাৰীসকলক বিচাৰি উলিয়াবলৈ আহ্বান জনাইছিল।
পৰ্যৱেক্ষণ গৃহৰ পৰা উপলব্ধ তথ্য অনুসৰি, ২০ জুনৰ পৰা গৃহটোৰ বেছিভাগ কোঠা বানপানীৰ তলত থকাত শিশুসকলে পৰিস্থিতিটোৰ সুযোগ লৈছিল। তেওঁলোকে পৰ্যৱেক্ষণ ঘৰৰ এখন দেৱাল ভাঙি পলায়ন কৰে। কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে সাংবাদিকক জনোৱা মতে তেওঁলোকে এটা অভিযোগ ভিত্তিত বিষয়টোৰ তদন্ত চলাই আছে।
“আমি অলপতে এটা অভিযোগ পাইছো, আৰু আমি বিষয়টো অনুসন্ধান কৰি আছো। আমাৰ দলটোৱে তেওঁলোকক প্ৰথমে গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰি আছে আৰু তাৰ পিছত আমি তেওঁলোকক জেৰা কৰিম। তদুপৰি তেওঁলোকে কেনেকৈ পৰ্যৱেক্ষণ গৃহৰ পৰা পলাই যাবলৈ সক্ষম হ’ল আমি সেইটোও বিচাৰ কৰি আছো,” কৌৰে কয়।
লগতে পঢ়ক – শিৱ-পাৰ্বতীৰ ৰূপত মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰি আটক হোৱা নগাঁৱৰ যুৱকক মুকলি