গুৱাহাটী : মহানগৰ আৰক্ষীয়ে নকল পে’চমেকাৰ যন্ত্ৰ যোগান ধৰাৰ অভিযোগত সোমবাৰে ৪জন প্ৰৱঞ্চকক আটক কৰে। প্ৰৱঞ্চক কেইজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল চৌহদৰ ভিতৰত থকা এখন ফাৰ্মাচিত পে’চমেকাৰৰ যোগান ধৰিছিল।
মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদে জনোৱা মতে, জি এম চি এইচ কৰ্তৃপক্ষই শনিবাৰে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে অভিযান চলাই প্ৰৱঞ্চকৰ দলটোক আটক কৰে।
লগতে পঢ়ক : দেশত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে ক’ভিডৰ সংক্ৰমণ; দেওবাৰে ৭০ হাজাৰলৈ নামিল আক্ৰান্তৰ সংখ্যা
দলটোৱে মহানগৰীৰ আন আন স্থানতো এনেদৰে নকল পে’চমেকাৰ যোগান ধৰি আহিছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
জানিব পৰা মতে যোৱা শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকা এজন ৰোগীৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে ৰোগীজনৰ এটেনডেণ্টে এখন ফাৰ্মাচিৰ পৰা উক্ত পে’চমেকাৰটো ক্ৰয় কৰি আনিছিল।