ছয়গাঁও : দক্ষিণ কামৰূপৰ জোৰশিমুলীত ছয়গাঁও আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছসহ এগৰাকী কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান৷
উক্ত অভিযানত আৰক্ষীয়ে ৩৩ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ কুখ্যাত ড্ৰাগছ ব্যবসায়ী ছাইদুৰ ৰহমানক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে দীৰ্ঘদিন ধৰী ধৃত ছাইদুৰ ৰহমানে ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাই আহিছিল।
বৰ্তমান ধৃত ছাইদুৰ ৰহমানক ছয়গাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক : শিল্পৰ আনুষ্ঠানিক শিক্ষা অবিহনে অসমীয়াৰ স্বাভিমান চেলেঙক কেনভাছৰ ৰূপ দিয়া এগৰাকী শিল্পী