নগাঁও: নগাঁও আৰক্ষীয়ে আজি এক ড্ৰাগছ বিৰোধী অভিযান চলাই ব্ৰাউন চুগাৰসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনক ইক্ৰামূল হক, ফৰিদা বেগম আৰু ৰুহিনা বেগম বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল আৰু তিনি জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।
প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত ম’হ খুলিৰ ৰজত আলী ওৰফে মুন্না নামৰ ড্ৰাগছ মাফিয়াজনৰ ঘৰত মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীয়ে চলাইছিল এই অভিযান৷
ৰজত আলীয়ে পৰিয়ালৰ আন সদস্যসকলৰ লগত মিলি দীৰ্ঘদিনৰ পৰা চলাই আছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই ৰজত আলী আৰু তেওঁৰ পিতৃয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
আনহাতে, আলীৰ ঘৰত উদ্ধাৰ হোৱা ৭.৬৫ এম এম পিষ্টল আৰু গুলী সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে নগাঁও সদৰ থানাত ধৃতলোক কেইজনক আৰক্ষীয়ে জেৰা চলাই আছে।
লগতে পঢ়ক – মেচ: ইংলেণ্ড (৩) বনাম ৱেল্ছ (০): বিশ্বকাপৰ Tactical Analysis